স্বাস্থ্য

মস্তিষ্ক ভালে ৰাখিবলৈ কেইটামান সৰু টিপছ

বিনু লস্কৰ

সকলোৰে ধাৰণা যে হৃদপিণ্ড আৰু কিডনী ভালে থাকিলেই স্বাস্থ্য ভালে থাকে। কিন্তু আমাৰ শৰীৰৰ অন্য এক প্ৰধান আৰু অতিকৈ গুৰুত্বপূৰ্ণ অঙ্গ হ’ল মস্তিষ্ক। কিয়নো মস্তিষ্কৰ দ্বাৰাই বাকী সকলো নিয়ন্ত্ৰিত হয়।

এই গুৰুত্বপূৰ্ণ অঙ্গ মস্তিষ্ক ভালে ৰাখিবলৈ বিলাহী খোৱা নিতান্তই জৰুৰী । বিলাহীত থকা এন্টিঅকচিডেন্টে মস্তিষ্কৰ কোষবোৰ শক্তিশালী কৰে ।
ভিটামিন কে যুক্ত সেউজীয়া ফুলকবি মস্তিষ্ক গঠনৰ বাবে অত্যন্ত উপযোগী ।
ভিটামিন ই প্ৰচুৰ পৰিমাণে থাকে বাদাম আৰু কণীত ।
ভিটামিন চি যুক্ত নেমু খালে মস্তিষ্ক বেছি কাৰ্যক্ষম হয় ।
ওমেগা থ্ৰি আৰু ফেটি এচিড পুষ্টি উপাদান থকা মাছ মস্তিষ্কৰ বাবে উপকাৰী ।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close