
প্ৰণৱ গগৈৰ শব্দত ছাটি ফুটি গ’ল জনপ্রিয় কণ্ঠশিল্পীসকলৰ ভিতৰত অন্যতম ময়ূৰী দত্তৰ মন। এতিয়া মাঘ বিহুৰ বতৰ ৰাজ্যৰ চাৰিওফালে ‘কা’ বিৰােধী প্রতিবাদৰ মাজতে অব্যাহত আছে মাঘক আদৰাৰ প্রস্তুতি। তেনে সময়তে ছ’চিয়েল মিডিয়াত বিশেষ সমাদৰ লাভ কৰিছে ময়ুৰী আৰু প্ৰণৱৰ ছাটি ফুটি মন।
ইফালে আকৌ তেওঁলােকক সহযােগ কৰিছে ৰাজা শর্মা, মিকুৱে। অৱশ্যে বিহুৰ প্ৰাকমুহূর্তত ময়ূৰীয়ে কণ্ঠদান কৰা ছাটিফুটি মন শীর্ষক গীতটোৱে ছ’চিয়েল মিডিয়াত বিশেষকৈ টিকটকত বিশেষ ভূমিকা পালন কৰিছে। এতিয়া প্ৰতিগৰাকী প্রেমিকাই টিকটকত ভিডিঅ’ বনাই প্রেমিকক কৈছে—ছাটিফুটি মন, লাগে কিবাখন, তােৰ কথা মনলে আহিলে, ভাবি ওকে নপৰে, যেনিয়ে চাও তেনিয়ে পাও দেখাে তােৰ ছবিটিকে।নৱবৰ্ষৰ আৰম্ভণিতে গীতটোক ইউটিউবৰ জৰিয়তে ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰত সংযুক্ত কৰিছিল নিজৰাই। আনহাতে নিজৰাৰ বেনাৰত এই গীতটোক ভিডিঅ’লৈ ৰূপান্তৰ কৰা হৈছিল। ইফালে ছাটি ফুটি মন শীর্ষক গীতটোক সুৰেখা চেত্ৰীয়ে নেপালী ভাষালৈ ৰূপান্তৰ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে।