আন্ত-ৰাষ্ট্ৰীয়বিচিত্র জগতবিনোদনবিশেষশীৰ্ষ

ম’বাইল নেটৱৰ্কৰূপী এজোপা গছ

বাছিৰ আহমেদ ছাহ

এডাল বিশেষ গছ।গছজোপাৰ ডালে ডালে ওলমি ৰৈছে বিভিন্ন মডেলৰ ম’বাইল ফোন। গছজোপাৰ তলত উৎসুক জনতাৰ ভিৰ। কেতিয়াবা যদি কোনােবাই হর্ষ উল্লাস কৰিছে কোনােৱে আকৌ অধীৰ আশাৰে বাট চাই ৰৈছে। এয়া কোনাে খেলৰ দৃশ্যও নহয়। এয়া হ’ল ম’বাইলৰ নেটৱৰ্ক বিচাৰি এচাম মানুহৰ হাবাথুৰি খােৱাৰ দৃশ্য। সাধাৰণতে এই দৃশ্য মনােৰঞ্জনৰ বাবে চলচ্চিত্র জগততহে সুলভ। কিন্তু শেহতীয়াকৈ এই দৃশ্য বাস্তৱ জীৱনতাে দেখিবলৈ পােৱা গৈছে। আচৰিত যেন লাগিলেও এয়াই সত্য। এই ঘটনাটো সংঘটিত হৈছে ঘানা চহৰৰ এখন গাঁৱত। এই গাঁওখনৰ ম’বাইলৰ নেটৱৰ্কৰ শেষ আশ্রয়স্থলী হৈছে গাঁওখনৰ সােমাজত থকা এজোপা গছ। এই গাঁওখনৰ নাম বালিচিনিয়া। আঞ্চলিক ৰাজধানী তামিলৰ পৰা এই গাঁওখনলৈ আহিবলৈ সময় লাগে মাত্র দুঘণ্টা। এই গাঁওখনত মুঠ পঞ্চাশঘৰ পৰিয়ালে বসবাস কৰে। তেওঁলােকৰ প্রায় সংখ্যকৰে ম’বাইল ফোন আছে যদিও ফোন কৰা অথবা গ্রহণ কৰা খুবেই কঠিন। শেহতীয়া তথ্য অনুসৰি গাঁওখনৰ প্রায়সংখ্যকেই এই সমস্যাত পৰে।আনকি  কোনাে জৰুৰীকালীন অৱস্থাতাে সহায়ৰ পৰা বঞ্চিত হৈ পৰে গাঁওবাসী। কাৰণ এটাই ম’বাইলৰ নেটৱৰ্ক বেয়া। এই সমস্যাৰ পৰা হাত সাৰিবলৈ এটি অভিনৱ সমাধানৰ বাট মুকলি কৰিছে গাঁওবাসীয়ে। গাঁৱৰ মাজত থকা বৃহৎ আকাৰৰ গছজোপাক তেওঁলােকে নেটৱৰ্কৰ মূল কেন্দ্রস্থল হিচাপে বাছি লৈছে। দেখিবলৈ সাধাৰণ যদিও এইজোপা গছেই এতিয়া গাঁওবাসীৰ যােগাযােগৰ মূল কেন্দ্রস্থল হিচাপে গঢ় লৈ উঠিছে। গছজোপাৰ তলত ৰৈ বিশগৰাকী মানুহে একেলগে ফোনত কথা পাতিবলৈ সহায় হৈছে। কোনােৱে আকৌ নিজৰ ফোনসমূহ গছৰ ডালত বান্ধি থােৱাৰ লগতে কোনােৱে আকৌ ডালত বহি ফোনত কথা পাতিছে। প্রতিদিনে দিনৰ তিনি বজাৰ পৰা গাঁওবাসীয়ে গছজোপাত নেটৱৰ্কৰ সন্ধান বিচাৰে। সেই সময়ত ধৈর্য খুবেই গুৰুত্বপূৰ্ণ বুলি সকলােৱে মত প্রকাশ কৰিছে। যিহেতু নেটৱৰ্কৰ শেষ ভৰসাস্থলী এইজোপা গছ গতিকে গাঁওবাসীয়ে গছজোপাৰ যথেষ্ট যত্ন লয়। যদিহে কিবা কাৰণত গছজোপাৰ ক্ষতিসাধন হয় তেন্তে সমগ্র গাঁওখনেই বিপর্যস্ত হ’ব বুলি গাঁওবাসীয়ে মন্তব্য আগবঢ়ায়। এগৰাকী টেলিকমিউনিকেচন ইঞ্জিনীয়াৰৰ ভাষ্য অনুসৰি সাধাৰণতে ম’বাইলৰ নেটৱৰ্ক ছাইডসমূহ বহু দূৰত সংস্থাপন কৰা হয়। ফলত কেতিয়াবা মানুহে ঠাইখিনিত ছিগনেল স্থাপন কৰিব নােৱাৰে। সাধাৰণতে ম’বাইল ছিগনেল লাইটৰ পােহৰৰ দৰে কাম কৰে। ইয়াৰ সন্মুখভাগত পােহৰ পৰিলেই ইয়াৰ প্রতিফলন ঘটে। যিহেতু গাঁওখনৰ ভিতৰত গছজোপাই আটাইতকৈ ওখ স্থানত আছে তেন্তে সেই স্থানত নেটৱৰ্ক পােৱাটো স্বাভাৱিক। সেয়ে গাঁওখনৰ অকল গছজোপাতেই নেটৱৰ্কৰ যােগাযােগ সম্ভৱ হৈ উঠিছে। চৰকাৰেও এই ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস প্রদান কৰিছে। তথাপিও সেয়া ব্যৱস্থা কার্যকৰী নােহােৱালৈকে গাঁওবাসীয়ে গছজোপাৰ সহায় লৈয়ে ম’বাইল নেটৱৰ্কৰ সৈতে সংযুক্ত হ’বলৈ বাধ্য হৈ পৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close