বিশেষশীৰ্ষস্বাস্থ্য

মচন্দৰী-এক সঞ্জীৱনী

প্ৰকৃতিৰ এক অনুপম উপহাৰ

মচন্দৰী এবিধ মূল্যৱান বনৌষধি উদ্ভিদ । মচন্দৰীত অতি বেছি পৰিমানে ভিটামিন-এ , কেৰোটিন আৰু কেলছিয়াম পোৱা যায়। এই শাক বিধ ব্যঞ্জন হিচাপেও ৰান্ধি খাব পাৰি । নাইবা পাতত দি , চাটনি হিচাপেও খাব পাৰি ।

ইয়াৰ ব্যৱহাৰে ৰক্ত কণিকা বৃদ্ধি , হৃদ ৰোগ প্ৰতিৰোধ আৰু মাংস পেশী আটিল কৰে । ইয়াক নিয়মীয়াকৈ খালে দৃষ্টি শক্তি আৰু স্নায়ু সবল কৰে । মচন্দৰী গ্ৰহনী ৰোগত এবিধ মহৌষধ । ই গ্ৰহণী, তেজ গ্ৰহণী , পেটৰ কামোৰণি আদিকে ধৰি পেটৰ বিভিন্ন বেমাৰৰ বাবে এবিধ অতি উপকাৰী বনৌষধি । কেঁচা অৱস্থাত ই বৰ উপকাৰী । আয়ু বেৰ্দ শাস্ত্ৰৰ বিধান অনুসৰি পৰিমিত ৰূপত নহৰুৰ সৈতে ইয়াৰ ৰস মিহলাই পান কৰিলে আভোক বা অৰুচি আঁতৰি যায় , পেটৰ বিষ প্ৰশমিত হয় । জালুক আৰু পিপলীৰ গুড়িৰ লগত সামান্য নিমখ মিহলাই ইয়াৰ ৰস খালে শ্বাস কষ্ট দূৰ হয় । ব্ৰংকাইটিজ , নিউমোনিয়া জ্বৰ আদিতো ই ফলপ্ৰসু আৰু উপশমদায়ক । পেটৰ বেমাৰ বিশেষকৈ ক্ৰণিক ডিচেণ্ট্ৰীত ভোগা ৰোগীৰ বাবে ই প্ৰকৃতিৰ এক অনুপম উপহাৰ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close