অসমবিশেষশীৰ্ষ

মঙ্গলবৰীয়াত সাতদিনীয়া কাৰ্যসূচীৰে ভাগৱত জ্ঞান মহাযজ্ঞ উদযাপন

চন্দন শৰ্মা, জামুগুৰিহাট

শোণিতপুৰ জিলাৰ উত্তৰ জামুগুৰি অন্তৰ্গত মঙ্গলবৰীয়া ব্যৱসায় কেন্দ্ৰৰ কিছু নিলগত অৱস্থিত পণ্ডিত আচাৰ্য্য দেৱনায়ক অধিকাৰীৰ নিজ বাসগৃহত সাতদিনীয়া কাৰ্যসূচীৰে পৱিত্ৰ শ্ৰী শ্ৰী ভাগৱত জ্ঞান মহাযজ্ঞভাগ অনুষ্ঠিত কৰে । কাৰ্যসূচী অনুসৰি অলপতে সকলো ভক্তপ্ৰাণ ৰাইজ একত্ৰিত হৈ ধৰ্মধ্বজাভাগ উত্তোলন কৰে।তাৰপিছত মহিলাসকলে কলহ শিৰত লৈ বৰুণ আহ্বান তথা জলযাত্ৰালৈ পৱিত্ৰ জীয়া ভৰলী নৈৰ পাৰলৈ বুলি যাত্ৰা আৰম্ভ কৰে সকলো ভক্তপ্ৰাণ ৰাইজে । ইয়াৰ পাছত ভক্তিভাৱেৰে পুজা-অৰ্চনাৰ নিয়ম অনুসৰি পৱিত্ৰ ভাগৱতভাগ মণ্ডপত স্থাপন কৰি ভাগৱত পাঠৰ কাৰ্য্যসূচী আৰম্ভ কৰে।নেপালী সম্প্ৰদায়ৰ মহিলাসকলে প্ৰত্যেকেই অসমীয়াৰ স্বাভীমান গামোছা কান্ধত লৈ পৰিৱেশন কৰা ডবা-শঙ্খ, খোল-বৰতাল, নেগৰাৰ ধ্বনিৰ লগতে হৰি নামৰ ধ্বনিৰে দিনে নিশাই ভাগৱত পাঠ মহাযজ্ঞভাগ পালন কৰা দেখা গ’ল । উক্ত পৱিত্ৰ অনুষ্ঠানভাগত কথা ব্যাখ্যা তথা ভাগৱতৰ প্ৰবচন পাঠ কৰে পণ্ডিত আচাৰ্য্য দেৱনায়ক অধিকাৰীয়ে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close