আন্ত-ৰাষ্ট্ৰীয়বিজ্ঞানবিশেষশীৰ্ষ

মঙলত মৌ-মাখি

মার্কিন মহাকাশ গৱেষণা সংস্থা নাছাৰ এক অভিনৱ পদক্ষেপ। এইবাৰ মহাকাশলৈ কোনাে বৈজ্ঞানিক নহয়, এইবাৰ পঠোৱা হ’ব এজাক মৌ-মাখি। কিন্তু আচৰিত নহ’ব কাৰণ এই মৌ-মাখিবােৰ প্ৰকৃতাৰ্থত জীৱন্ত মৌ-মাখি নহয়। ই এক প্রকাৰৰ ৰবৰ্ট বা দ্রোনহে। এই দ্রোনসমূহক মৌ-মাখিৰ ৰূপ দিয়া হৈছে। এটি বিশেষ ৰােভাৰৰ সহায়ত মঙল গ্রহৰ বাতাবৰণত মুকলি কৰি দিয়া হ’ব এই মৌ-মাখি সদৃশ ড্রোনসমূহক। এই বিশেষ ড্রোনসমূহৰ নাম ৰখা হৈছে মার্চ বি। প্রতিটো ড্রোনে তাৰ ভিতৰত থকা অসংখ্য সৰু সৰু চেন্সৰৰ সহায়ত মঙল গ্রহৰ পৰিৱেশ সম্পর্কে তথ্য সংগ্রহ কৰিব। মুঠৰ ওপৰত মঙল গ্রহৰ প্রতিটো দিশেই পর্যবেক্ষণ কৰিব এই ড্রোনসমূহে। ইতিপূর্বেই প্রমাণিত হৈছে যে, মঙল গ্রহত মিথেন নামৰ গেছৰ অস্তিত্ব পােৱা গৈছে। এই গেছসমূহৰ সন্ধান উলিওৱাটোৱে মূল কাম হ’ব এই ড্রোনসমূহৰ। মিথেন গেছৰ অৱস্থিতি সঠিক ৰূপত ধৰা পেলালেই বৈজ্ঞানিকসকলে মঙল গ্রহত প্রাণৰ অস্তিত্ব সম্পর্কে এক উচিত সিদ্ধান্তত উপনীত হ’ব পাৰিব। উল্লেখ্য যে, গােটেই দিন এই মার্চবিৰ দলটোৱে নিজৰ কৰ্ম সম্পাদন কৰি শেষত মৌচাক অর্থাৎ ৰােভাৰলৈ উভতি আহিব। এই ৰােভাৰতেই পুনৰ এই ড্রোনসমূহৰ স্বয়ংক্রিয় পদ্ধতিৰ জৰিয়তে সিহঁতৰ ৰিছাৰ্চ সম্পন্ন হ’ব বুলি সদৰী কৰে মহাজাগতিক সংস্থাটোৱে। সঁচাকৈয়ে এই মার্চ বিৰ দলটোৱে যদিহে সফলভাৱে এই কর্ম সম্পাদন কৰে তেন্তে নাছাৰ বাবে ই হ’ব এক বৃহৎ সফলতা।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close