আন্ত-ৰাষ্ট্ৰীয়বিজ্ঞানবিশেষশীৰ্ষ

মঙলত পানী

মঙল গ্রহক লৈ পূর্বৰ পৰাই বহু গৱেষণা অব্যাহত আছে। গৱেষণাৰ অন্তত মঙল গ্ৰহৰ দক্ষিণ মেৰুত তৰল পানীৰ হ্ৰদৰ সন্ধান পােৱা গৈছে। মঙল গ্রহৰ বৰফৰ আচ্ছাদিত এই হ্রদৰ আয়তন হ’ল ২০ কিঃমিঃ। মাৰ্ছ এক্সপ্ৰেছ নামৰ এখন মহাকাশযানে মণ্ডলৰ কক্ষপথ পৰিদৰ্শন কৰিছিল। এই মহাকাশযানৰ ভিতৰত থকা মাৰচিচ নামৰ এটি ৰাডাৰৰ সহায়ত এই হ্রদৰ সন্ধান পাইছে। ইয়াৰ পূর্বে বিভিন্ন গৱেষণাত মঙল গ্ৰহত তৰল পানীৰ প্ৰবাহৰ ইংগিত পােৱা গৈছিল যদিও এয়াই প্রথম স্থায়ী জলধাৰাৰ অস্তিত্ব বুলি প্রমাণিত হৈছে। বতাহৰ ঘনত্ব কম হােৱাৰ বাবে ঠাণ্ডাৰ ফলত জলাধাৰটি বৰফৰ তলত সােমাই পৰিছে। মঙল গ্রহক লৈ এই গৱেষণাত নেতৃত্ব প্রদান কৰিছে ইটালীৰ নেচনেল ইন্সটিটিউট অৱ অষ্ট্রফিজিক্সৰ অধ্যাপক ৰবার্টো ওৰােচে। সন্ধান পােৱা হ্রদটিৰ আকাৰ বিশেষ ডাঙৰ নহলেও এটি সৰু হ্ৰদৰ সমান। এয়া কোনাে পাথৰ বা বৰফৰ মাজত জমা হােৱা পানী নহয়। সঁচাকৈয়ে ই এটি হ্রদ। এই হ্রদটিৰ গভীৰতা প্রায় এক মিটাৰ। গৱেষকসকলৰ মতে মঙল গ্রহৰ উপৰভাগ প্রাণীৰ বাবে অনুকূল নহয়। সেয়ে উপৰিভাগৰ আৰু অংশত জীৱন সন্ধান অব্যাহত ৰাখিছে। পৃথিৱীৰ অন্য কোণত জীৱনৰ অস্তিত্ব নির্ভৰ কৰে তাত পানীৰ সন্ধান পােৱা যায়। সেয়ে হয়তাে ইমানদিনে চলি থকা পানী প্রবাদ বর্তমান প্রমাণসহ প্রমাণিত হৈ পৰিল। কেৱল পানী থাকিলেই নহ’ব পানীৰ তাপমাত্রা তথা ইয়াত ৰাসায়নিক পদার্থৰ পৰিমাণ নির্ভৰ কৰে প্ৰাণৰ অস্তিত্বৰ ওপৰত। উল্লেখ্য যে সন্ধান পােৱা পানীৰ হ্ৰদৰ তাপমাত্রা ১০-৩০ ডিগ্রী চেলচিয়াছ। এই ঠাণ্ডাতাে এই জলধাৰাটিৰ পানী তৰল অৱস্থাত থকাটোৱে ইয়াত প্ৰচুৰ পৰিমাণৰ লৱণ থকাটো প্রমাণিত কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close