অসমবিশেষশীৰ্ষসাংস্কৃতিক

ভ্ৰাম্যমাণৰ প্ৰতিভাসম্পন্ন অভিনেতা গৌতম ৰাজ

ধনজিৎ দাস

প্ৰশান্ত হাজৰিকা আৰু ইলা কাকতি স্মৃতি বিজড়িত হেঙুল থিয়েটাৰৰ ভ্ৰাম্যমাণ জগতত আছে এক সুকীয়া আসন দৰ্শকক সুস্থ ৰুচিৰ নাটক উপহাৰ দিয়াৰ ক্ষেত্ৰত৷ব্যতিক্ৰম নহয় এইবাৰো৷কাহিনীক গুৰুত্ব দিয়া হেঙুল থিয়েটাৰৰ এইবাৰো তিনিওখন নাটকে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছে বিশেষকৈ ৰাজদ্বীপৰ “বাহাদুৰ” শীৰ্ষক নাটকখনে৷উক্ত নাটকখনৰ “ও মাই গড” সংলাপটোৱে এতিয়া নাট্যপ্ৰেমীৰ  মাজত লাভ কৰিছে বিশেষ চৰ্চা।মানৱ দেহৰ অংগ ব্যৱসায়ক বিষয় হিচাপে ৰচনা কৰা নাটখনত কাহিনী, নৃত্য – গীত, একচন, ৰোমাঞ্চ, কমেডী আদি সকলোখিনি উপাদানেই আছে । যিসকল দৰ্শকে ‘বাহাদুৰ’ উপভোগ কৰিছে তেওঁলোকৰ নিশ্চয় মনত আছে অভিনেতা প্ৰসেনজিৎৰ লগত সেই নাটকখনত ছাঁৰ দৰে লাগি থকা তেওঁৰ বন্ধুৰূপী ‘ডিম্বে’ চৰিত্ৰটোৰ কথা । ডিম্বে চৰিত্ৰটো হৈছে কৌতুকতা, গম্ভীৰতা, স্ফূৰ্তিবাজৰ সমাহাৰ । এই চৰিত্ৰটোক এশ শতাংশ ফুটাই তোলাত সফল হোৱা অভিনেতাজনে হৈছে প্ৰতিভাসম্পন্ন অভিনেতা গৌতম ৰাজ । ‘বাহাদুৰ’ৰ সফলতাত যদি আমি কৃতিত্ব দিব বিচাৰোঁ তেনেহলে নিসন্দেহে অভিনেতা গৌতম ৰাজো ইয়াৰ দাবীদাৰ হ’ব তেওঁ ৰূপায়ন কৰা ‘ডিম্বে’ চৰিত্ৰটোৰ বাবে।আনহাতে ‘হেঙুল থিয়েটাৰ’ৰ এইবৰ্ষৰ অন্য দুখন নাটক হ’ল ক্ৰমে হিমাংশু প্ৰসাদ দাসৰ ‘মিছ ৰুক্মিণী হৰণ’ আৰু প্ৰণৱ বৰুৱাৰ ‘চুম্বক’ । ইয়াৰে ‘মিছ ৰুক্মিণী হৰণ’ নাট খনত অভিনেতা গৌতম ৰাজে খলনায়কৰ ৰূপত (ধ্ৰুৱ) আৰু ‘চুম্বক’ত এজন মদাহীৰ চৰিত্ৰ (হলধৰ) ৰূপায়ন কৰিছে, যিটো চৰিত্ৰৰ মাজেৰে অভিনেতাজনে সুখ-দুখ, কৌতুক আদি সকলোখিনিৰ আমোদ দিছে দৰ্শকক। লগতে আগন্তুক (২০২০-২১) নাট্যবৰ্ষটো হেঙুল থিয়েটাৰ’ৰ তিনিওখন নাটকতে আকৰ্ষণীয় অভিনয়ৰে সাফল্যৰ জয়যাত্ৰা এনেদৰেই অটুত থাকক সকলোৱে তাৰেই কামনা কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close