বিশেষশীৰ্ষস্বাস্থ্য

ভেদাইলতাৰ স্বাস্থ্য উপকাৰিতা

ডা মুকুট চাংমা

ভেদাইলতা বা পাদুৰিলতা, ভাদুলীলতা বা প্ৰসাৰণী বা গন্ধপাত্ৰ যি নামেৰেই নহওক এই ভেদাইলতাৰ ব্যৱহাৰ কিন্তু অতি প্ৰাচীন কালৰে পৰা জনমানসত বিভিন্ন ৰোগ নিবাৰণৰ ক্ষেত্ৰত কৰি অহা হৈছে। আয়ুৰ্বেদ শাস্ত্ৰত ইয়াৰ বৰ্ণনা শতাধিক ৰোগৰ ঔষধি ৰূপে ৰৈছে।ভেদাইলতাৰ বৈজ্ঞানিক নাম হ’ল Paederia foetida ৷
ভেদাইলতাৰ পাতৰ ৰঙ ডাঠ সেউজীয়া হয় আৰু গছ ৬ ৰ পৰা ৭ মিটাৰ বা ততোধিক দৈৰ্ঘ্যৰ হয় ৷
ভেদাইলতাত থকা ৰাসায়নিক তত্ববোৰ ক্ৰমে ফেটি এচিড, চেপনিন,কেৰটিন, ভিটামিন-চি, এলকেলইড, কুইনন ইত্যাদি। ইয়াত থকা ডাইমিথাইল ডাইচাল্ফাইড নামৰ মিশ্ৰিত চালফাৰ পদাৰ্থৰ বাবে গোন্ধ অলপ বিকট হয়৷
এই লতাৰ প্ৰতিটো অংগৰে ঔষধি গুণ আছে।
এই লতা খালে মানুহৰ হজম আৰু শৰীৰৰ শক্তি বৃদ্ধি পায়, পেটফুলা,বদহজম দূৰ হয় আৰু লিভাৰ সুস্থ হৈ থাকে,হাঁপানি বা এজমা ৰোগীৰ বাবে ই বৰ উপকাৰী, মুত্ৰনলীৰ পাথৰী হলে এই লতাৰ পাত,শিপা প্ৰত্যেকটি অংগ খালে ভাল ফল পোৱা যায়, কাহ-চৰ্দিৰ হলে ভেদাইলতা আৰু আদাৰ চুপ খালে উপশম পোৱা যায়,স্নায়বিক দুৰ্বলতা,কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ বিভিন্ন ৰোগ ও পেৰালাইচিচ ৰ দৰে ৰোগতো এই পাত খালে সুফল পোৱা যায়,ভেদাইলতাৰ আটাইতকৈ ডাঙৰ গুণটি হৈছে এই লতাৰ পাত খালে পুৰুষৰ টেষ্ট’ষ্টেৰণ হৰমন বিধ বৃদ্ধি পায়। ফলত পুৰুষৰ যৌন দুৰ্বলতাৰ লগতে বিভিন্ন যৌন সমস্যাও দূৰ হয়।সেইয়েহে ভেদাইলতাৰ পাত বিশেষকৈ পুৰুষে নিয়মিত খোৱাটো স্বাস্থ্যৰ পক্ষে অতি উত্তম।
ভেদাইলতা খাওক আৰু সুস্বাস্থ্য অটুট ৰাখক।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close