আন্ত-ৰাষ্ট্ৰীয়বিজ্ঞানবিশেষশীৰ্ষ

ভাৰতৰ প্ৰথমটো হেম্বল্ট পেংগুইন

ইতিহাসৰ বুকুত বিলীন হৈ পৰা হেম্বল্ট প্রজাতিৰ পেংগুইনক পুনৰবাৰ পৃথিৱীত জীয়াই ৰখাৰ প্রচেষ্টা অব্যাহত ৰাখিছিল মুম্বাইৰ বাইকুলা চিৰিয়াখানা কর্তৃপক্ষই। অৱশেষত যেন এই মহান উদ্দেশ্যই বাস্তৱ ৰূপ পালে। ৭২ সংখ্যক স্বাধীনতা দিৱসৰ দিনাই দেশবাসীয়ে লাভ কৰে সেই ভাল খবৰটো। মুম্বাইৰ বাইকুলা চিৰিয়াখানাত পােনপ্ৰথমবাৰৰ বাবে জন্ম হয় বিলুপ্তপ্রায় হাম্বল্ট পেংগুইনৰ পােৱালিটো। ২০১৬ চনতে মুম্বাইৰ বাইকুলা চিৰিয়াখানালৈ অনা হৈছিল আঠটা হাম্বল্ট পেংগুইন। চিৰিয়াখানা কর্তৃপক্ষই বহু যত্ন কৰি পেংগুইনকেইটা জীয়াই ৰাখিছিল। মুম্বাইৰ সকলােৰে প্রিয় পেংগুইনৰ যুটি মিঃ মল্ট আৰু ফ্লিপাৰে চিৰিয়াখানাত এটা বাহ সাজি দিছিল। যােৱা ৫ জুলাইত ফ্লিপাৰে এটা কণী পাৰে। আৰু এই কণীৰ পৰাই ১৫ আগষ্টৰ দিনা পােৱালিটো জাগে। পােনপ্ৰথমবাৰৰ বাবে ভাৰতত এটা হাম্বল্ট পেংগুইনৰ পােৱালি জন্ম হােৱাতাে সঁচাকৈয়ে ভাল খবৰ। যিহেতু স্বাধীনতা দিৱসৰ দিনাই পােৱালিটোৰ জন্ম হয় সেয়ে তাৰ নাম ‘ফ্রীডম বেবী’ ৰখা হৈছে। পােৱালিটোক মাতৃয়ে খাদ্য খুৱাবলৈ আৰম্ভ কৰা বুলি বাইকুলাৰ বীৰমাতা জিজাবাঈ ছেলে উদ্যান আৰু চিৰিয়াখানা কর্তৃপক্ষই জানিবলৈ দিয়ে। মাতৃ ফ্লিপাৰে কণীটোক ৩৬ৰ পৰা ৪৮ ঘণ্টা উম দিয়াৰ পিছত পিতৃ মিঃ মল্টেও উম দি ৰাখে। এনেদৰে দুয়াে সাল-সলনিকৈ উম দি ৰখাৰ অন্তত পােৱালিটোৱে জন্ম লাভ কৰে চল্লিশ দিনৰ মূৰত। উল্লেখ্য যে, বর্তমান এই হেম্বল্ট পেংগুইনটোৰ ওপৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। পােৱালিটোৰ প্রতিটো স্থিতিৰ ওপৰত নজৰ ৰাখিছে চিৰিয়াখানা কর্তৃপক্ষই। প্রায় বিলুপ্তপ্রায় এই প্রজাতিৰ ভাৰতত প্ৰথমটো পেংগুইনৰ জন্ম লাভ কৰা কথাটোৱে আশাৰ ৰেঙণি কঢ়িয়াই আনিছে। ইতিমধ্যে চিৰিয়াখানাত পেংগুইন পােৱালিটো চাবলৈ বহু দর্শনার্থীয়ে ভিৰ কৰা দেখিবলৈ পােৱা গৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close