ক্ৰীড়াঙ্গণবিশেষশীৰ্ষ

ভাৰতৰ দূর্দান্ত জয়

ৰাজকোটত কালি নিশা অনুষ্ঠিত পেটিএম দ্বি-পাক্ষিক এদিনীয়া শৃংখলাৰ দ্বিতীয়খন এদিনীয়াত অষ্ট্রেলিয়াৰ বিৰুদ্ধে ভাৰতে ৩৬ ৰাণত জয়লাভ কৰে। এই জয়েৰে ভাৰতে শৃংখলাত ১-১ত সমতা স্থাপন কৰে। সৌৰাষ্ট্রৰ ক্রিকেট এছ’চিয়েচন ষ্টেডিয়ামত অনুষ্ঠিত দিবা-নৈশ মেচখনত ভাৰতে প্রথমে বেটিং কৰি শিখৰ ধাৱানৰ ৯৬, বিৰাট কোহলিৰ ৭৮ আৰু লােকেশ ৰাহুলৰ বিস্ফোৰক ৮০ৰাণৰ সহায়ত নির্ধাৰিত ৫০ অভাৰত ছটা উইকেট হেৰুৱাই ৩৪০ ৰাণ সংগ্রহ কৰে। প্রত্যুত্তৰত বিশাল স্ক’ৰৰ পম খেদি আলহী দল অষ্ট্রেলিয়াই ষ্টিভেন স্মিথৰ ৯৮ ৰাণৰ সহায়েৰে ৪৯.১ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ৩০৪ ৰাণতে থমকি ৰয়। বলিঙত ভাৰতৰ হৈ মহম্মদ ছামীয়ে তিনিটা আৰু নৱদ্বীপ চাইনী, জাদেজা, কুলদ্বীপে দুটাকৈ উইকেট পায়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close