বিশেষৰাষ্ট্ৰীয়শীৰ্ষ

ভাৰতত বিশ্বৰ আটাইতকৈ দীঘল সুৰংগ

ভাৰতত বিশ্বৰ আটাইতকৈ দীঘল সুৰংগ নির্মাণ হ’ব।যাৰ দৈর্ঘ্য হ’ব ৮.৮ কিলােমিটাৰ। সমুদ্র পৃষ্ঠৰ পৰা তিনি হেজাৰ মিটাৰ ওপৰত এই বৃহৎ সুৰংগ নির্মাণ কৰা হ’ব। ৰহতাংগৰ পাছত বিশ্বৰ আটাইতকৈ দীঘল সুৰংগ নির্মাণৰ ক্ষেত্ৰত কেন্দ্রীয় কেবিনেটে অনুমতি প্রদান কৰিছে। উল্লেখ্য যে ৰহতাংগ পাছক প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুৰ পাছতে তেওঁৰ নামত উছৰ্গা কৰা হৈছিল। এই ৮.৮ কিলােমিটাৰ দৈৰ্ঘ্যৰ সুৰংগটো নির্মাণ হলে মানালী আৰু লেহৰ দূৰত্ব ৪৬ কিলােমিটাৰ হ’বগৈ।সম্প্রতি মানালীৰ পৰা লেহ আহিবলৈ হ’লে বৃহৎ দূৰত্ব অতিক্ৰম কৰিবলগীয়া হয়। যাৰ বাবে প্রতি বছৰে কোটি কোটি টকা অবাবত খৰচ হয়। এই টানেল নির্মাণৰ পাছতে মানালী আৰু লেহৰ দূৰত্ব কমি যাব যাৰ ফলত পর্যটকসকলেও আকর্ষিত হ’ব বুলি ধাৰণা কৰা হৈছে। উল্লেখ্য যে ১০.৫ মিটাৰ প্রস্থৰ বাইলাইন টানেলটো অগ্নি প্রতিৰােধী প্রযুক্তিৰে নিৰ্মাণ কৰা হ’ব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close