বিচিত্র জগতবিশেষশীৰ্ষ

ভাগ্যৰ চকৰি ঘূৰিল ৰিক্সাচালকৰ: নিশাৰ ভিতৰতে লাখপতি

৩০ টকাৰ বিনিময়ত লাভ কৰিলে ৫০ লাখ টকা

নগালেণ্ডত অনুষ্ঠিত এখন লটাৰী খেলত ভাগ্য ফুলিল এজন ৰিক্সা চালকৰ।যাৰ ফলত ৰাতিটোৰ ভিতৰতে লাখপতি হ’ল ৰিক্সা চালক গৌৰ দাস।

নগালেণ্ডত ৰিক্সাচালক হিচাপে জীৱন নিৰ্বাহ কৰা পশ্চিম বংগৰ বৰ্ধমান জিলাৰ গৌৰ দাসে অলপতে অনুষ্ঠিত হোৱা এখন লটাৰী প্ৰতিযোগিতাত ৫০ লাখ টকাৰ প্ৰথম পুৰস্কাৰ লাভ কৰে।দাসৰ শেহতীয়া ভাষ্য অনুসৰি প্ৰথম অৱস্থাত তেওঁৰ লটাৰী টিকতটো কিনাৰ বিশেষ আগ্ৰহ নাছিল, কিন্তু টিকত বেচোতাজনে খুব জোৰ কৰাত তেওঁ ৩০ টকা দি টিকতটো ক্ৰয় কৰে।অলপতে ঘোষণা কৰা হয় লটাৰীৰ ফলাফল। আৰু দাসে লাভ কৰে প্ৰথম পুৰস্কাৰ অৰ্থাৎ নগদ ৫০ লাখ টকা। ইয়াৰ পিছতেই তীব্ৰ গতিত বিয়পি পৰে খবৰটো।খবৰটো বিয়পি পৰাৰ লগে লগে দাসৰ ঘৰত অঞ্চলটোৰ ৰাইজেৰে ভৰি পৰে।দাসৰ সৈতে পৰিয়ালত আছে তেওঁৰ বৃদ্ধ মাতৃ, পত্নী, দুগৰাকী কণমানী কন্যা আৰু এটি তৃতীয় শ্ৰেণীত পঢ়া পুত্ৰ সন্তান।দাসৰ পৰিয়ালত এতিয়া উৎসৱমুখৰ পৰিবেশ।এই বৃহৎ পৰিমাণৰ ধনৰাশিৰে দাসে এতিয়া নিজৰ কৰিবলগীয়া সকলো কাম কৰাৰ লগতে নিজৰ সন্তানৰ বাবে কিছু টকা সাচি থব বুলি জানিব দিয়ে। কাৰণ যিয়ে নহওক কিয় এৰাতিতে লাখপতি হৈ পৰা এইগৰাকী ৰিক্সাচালকে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

 

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close