অসম

বৰপেটা ছোৱালী মহাবিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিলে বন্তি কলিতাই

মফিদুল হক

২০১৯ বৰ্ষৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ কলেজ সমূহৰ ভিতৰত স্নাতক ষষ্ঠ ষান্মাসিকৰ চূড়ান্ত পৰীক্ষাত অসমীয়া (গুৰু) বিষয়ত বৰপেটা ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰী তথা ধেমাজিৰ ছোৱালী বৰপেটাৰ বোৱাৰী বন্তি কলিতাই কৃতিত্ব অৰ্জন কৰে। পিতৃ নৰেন কলিতা ভাৰতীয় খাদ্য নিগমৰ বিষয়া মাতৃ তিলেশ্বৰে কলিতা এজনী গৃহীনি স্বামীৰ পংকজ তহবিলদাৰ এজন হোটেল ব্যৱসায়ী। বিবাহ সূত্ৰে বৰপেটাৰ বামুনাৰ বোৱাৰী বন্তি কলিতাই অসমৰ ভিতৰতে দ্বিতীয় সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। ইয়াকে লৈ বৰপেটা ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ সহিতে সকলো বিভাগৰ প্ৰৱক্তা তথা কৰ্মচাৰী সকল উৎফুল্লিত হৈ পৰে।
বন্তি কলিতাৰ এই কৃতকাৰ্য্যতাত বৰপেটা ছোৱালী মহাবিদ্যালয়ৰ লগতে বৰপেটা বাসী ৰাইজে গৌৰৱ অনুভৱ কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close