অসমবিশেষশীৰ্ষ

বৰপেটাৰ সনকুছি কলনিত ৰাষ্ট্ৰীয় যুৱ দিৱস পালন

মফিদুল হক,বৰপেটা

কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া আৰু যুৱ মন্ত্ৰালয়ৰ অধীনস্থ নেহৰু যুৱ কেন্দ্ৰ, বৰপেটাই বৰপেটাৰ সনকুছি কলনিত ৰাষ্ট্ৰীয় যুৱ দিৱস পালন কৰে ৷ এই উদ্দেশ্যে আজি নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত আৰু আফিয়া আঞ্জুম এচ’চিয়েচনৰ সহযোগত কলনিত ছাত্ৰ ছাত্ৰীৰ মাজত ৰচনা আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷ বৰপেটা মডাৰ্ণ একাডেমী প্ৰাংগনত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ পিছত বৰপেটা মডাৰ্ণ একাডেমীৰ অধ্যক্ষ হাবিবুল ইছলামৰ সভাপতিত্বত বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হয় ৷ নেহৰু যুৱ কেন্দ্ৰ, বৰপেটাৰ যুৱ সমন্বয়ক চয়ন শুক্লবৈদ্যৰ উপস্থিতিত অনুষ্ঠিত এই অনুষ্ঠানত অংশ গ্ৰহণ কৰি চমু ভাষণ প্ৰদান কৰে বৰপেটা মডাৰ্ণ একাডেমীৰ অধ্যক্ষ হাবিবুল ইছলাম, বৰপেটা জিলা ডিজিটেল সাংবাদিক সন্থাৰ কাৰ্যকৰী সভাপতি পুলেন্দ্ৰ দাসৰ লগতে স্বেচ্ছাসেৱী সংগঠনটোৰ সম্পাদক ৰকিবুল হুছেইনে ৷ স্বেচ্ছাসেৱিকা জেচমিন পাৰবিনে আঁত ধৰা অনুষ্ঠানটোত নেহৰু যুৱ কেন্দ্ৰৰ স্বেচ্ছাসেৱক স্বেচ্ছাসেৱিকাৰ লগতে ছাত্ৰ ছাত্ৰী সকল উপস্থিত থাকে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close