অসম

বৰপেটাৰ যতিগাঁওত গ্ৰন্থ আৰু বাণিজ্য মেলাৰ প্ৰস্ততি তুংগত

মফিদুল হক ,বৰপেটা

বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ সমীপৰ যতিগাঁওত অহা ১০ নবেম্বৰৰ পৰা পাঁচ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গ্ৰন্থ আৰু বাণিজ্য মেলাৰ ব্যাপক প্ৰস্ততি চলোৱা হৈছে ৷ পশ্চিম বৰপেটা কাৰবাৰী সন্থাৰ উদ্যোগত আৰু উদযাপন সমিতিৰ সহযোগত অনুষ্ঠিত হব লগা এই গ্ৰন্থ আৰু বাণিজ্য মেলা সন্দৰ্ভত আজি এক সংবাদ মেলৰ আয়োজন কৰে ৷ সংবাদ মেলত উদযাপন সমিতিৰ সভাপতি মিৰ্জা নেৱাজ শ্বৰিফে গ্ৰন্থ আৰু বাণিজ্য মেলাৰ কাৰ্যসূচীৰ বিষয়ে উল্লেখ কৰে ৷ সংখ্যালঘু অধ্যুষিত অঞ্চলত শিক্ষাৰ হাৰ এতিয়াও কম বুলি উল্লেখ কৰি শিক্ষা আৰু গ্ৰন্থৰ প্ৰতি ৰাইজক সজাগ কৰাৰ উদ্দেশ্যি এই গ্ৰন্থ আৰু বাণিজ্য মেলাৰ আয়োজন কৰা বুলি তেওঁ উল্লেখ কৰে ৷ সংবাদমেলত পশ্চিম বৰপেটা কাৰবাৰী সন্থাৰ সভাপতি সম্পাদক ক্ৰমে জাকিৰ হুছেইন খান আৰু ওৱাজেদ আলী উদযাপন সমিতিৰ সম্পাদক ফাইজ উদ্দিন আহমেদো উপস্থিত থাকে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close