অসমবিশেষশীৰ্ষ

বৰপেটাৰ চেনিমাৰীত বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা সম্পন্ন 

মফিদুল হক,বৰপেটা

ছাত্ৰ ছাত্ৰীক খেলৰ প্ৰতি আকৰ্ষিত কৰাৰ লক্ষ্যৰে বৰপেটা জিলাৰ চেনিমাৰীত অনুষ্ঠিত হয় বিভিন্ন ধৰণৰ খেল প্ৰতিযোগিতা৷

কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰালয়ৰ অধীনস্থ নেহৰু যুৱ কেন্দ্ৰ, বৰপেটাৰ উদ্যোগত আৰু নৱজ্যোতি ৰুৰেল ডেভলভমেন্ট ছোচাইটিৰ সহযোগত চেনিমাৰী হাইস্কুল খেলপথাৰত অনুষ্ঠিত কৰা হয় ল’ৰা আৰু ছোৱালীৰ দৌৰ, ল’ৰা ছোৱালীৰ পাঞ্জা আৰু ল’ৰাৰ লং জাম্প প্ৰতিযোগিতা ৷ খেলৰ অন্তত স্থান লাভ কৰা খেলুৱৈ সকলক পুৰস্কাৰ প্ৰদান কৰা হয় ৷ চেনিমাৰী হাইস্কুলৰ হিন্দী শিক্ষয়িত্ৰী ৰেহেনা ভূঞাৰ পৌৰহিত্যত অনুষ্ঠিত পুৰস্কাৰ বিতৰণী অনুষ্ঠানত সমাজকৰ্মী ছত্তৰ দেৱান, নৱজ্যোতি ৰুৰেল ডেভলভমেন্ট ছোচাইটিৰ সভাপতি সম্পাদক ক্ৰমে ছাহানুৰ আলী আৰু উজীৰ আলীৰ লগতে ভালে সংখ্যক ক্ৰীড়াপ্ৰেমী ৰাইজ উপস্থিত থাকে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close