অসমশীৰ্ষ

বৰপেটাৰ কয়াকুছি মহাবিদ্যালয়ত বানাক্ৰান্তৰ বাবে ভাৰতীয় সেনাৰ বিনামূলীয়া চিকিৎসা শিবিৰ

এহেজাৰ উন পঞ্চাঁছ জন বানাক্ৰান্তক বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান আৰু ঔষধ বিতৰণ; মফিদুল হক

বৰপেটা জিলাৰ বান পৰিস্থিতি এতিয়াও অপৰিৱৰ্তিত। জিলাখনৰ মাজেৰে বৈ যোৱা পাঁচখনকৈ নৈ ব্ৰহ্মপুত্ৰ, বেঁকী, মানাহ, নখান্দা, মৰাচাউলখোৱা, পহুমাৰা, কালদিয়া এতিয়াও বৈছে বিপদসীমাৰ ওপৰেৰে। জিলাখনৰ ১৬৩৭৭ হেক্টৰ কৃষিভূমি এতিয়াও জলমগ্ন৷ অতি সম্প্ৰতি জিলাখনৰ ১০ লক্ষাধিক লোক এই বানত আক্ৰান্ত হৈছে। জিলাখনৰ এই বান পৰিস্থিতিৰ মাজতে আজি বৰপেটাৰ কয়াকুছি মহাবিদ্যালয়ত ভাৰতীয় সেনাৰ ৯ নং বেটেলিয়ন জাট ৰেজিমেণ্টে বানাক্ৰান্তসকলৰ বাবে অনুষ্ঠিত কৰে এক বিনামূলীয়া চিকিৎসা শিবিৰ। এই চিকিৎসা শিবিৰত কয়াকুছি আৰু ইয়াৰ নিকটৱৰ্তী অঞ্চলৰ প্ৰায় এহেজাৰ উন পঞ্চাঁছ জন বানাক্ৰান্তক ভাৰতীয় সেনাৰ চিকিৎসা বিভাগৰ উমৈহতীয়া প্ৰচেষ্টাত চিকিৎসা সেৱাৰ লগতে বিনামূলীয়া ঔষধ প্ৰদান কৰা হয়। ইয়াৰোপৰি এই চিকিৎসা শিবিৰতে প্ৰাক্তন সেনাৰ বাবে এক বিশেষ শাখাও মুকলি কৰা হয় য’ত অৱসৰপ্ৰাপ্ত সেনা জোৱানসকলে বিভিন্ন অভাৱ অভিযোগ অৱগত কৰাৰ সুব্যৱস্থাও কৰা হয়। লগতে ভাৰতীয় সশস্ত্ৰ বাহিনীত যোগদানৰ বাবে যুৱ শক্তিক উৎসাহিত আৰু প্ৰাথমিক শিক্ষা প্ৰদানৰো সুৱস্থা কৰে জাট ৰেজিমেণ্ট বাহিনীয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close