অসমবিশেষশীৰ্ষ

বৰপেটাত “দৃষ্টিপাত-সাহিত্য সমালোচনা” শীৰ্ষক গ্ৰন্থ উন্মোচন

মফিদুল হক, বৰপেটা

অৱসৰ প্ৰাপ্ত বিশিষ্ট শিক্ষক তথা বিশিষ্ট লিখক দীনেশ দাস ৰচিত ” দৃষ্টিপাত-সাহিত্য সমালোচনা” শীৰ্ষক গ্ৰন্থ খন ১৩ নৱেম্বৰত বৰপেটা সাহিত্য সভা ভৱনত আনুষ্ঠানিক ভাবে উন্মোচন কৰা হয় ৷ গ্ৰন্থ খন উন্মোচন কৰে বৰপেটাৰ প্ৰাক্তন উপায়ুক্ত থানেশ্বৰ মালাকাৰে ৷ উন্মোচনী ভাষণত তেওঁ কয় যে, বহুতেই এতিয়া নিসংগ জীৱন কটাই আছে ৷ এনে জীৱন কটোৱা লোকক সাহিত্য বা গ্ৰন্থই সংগ আৰু আনন্দ দিয়ে বুলি তেওঁ কয় ৷ বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰৰ সভাপতিত্বত অনুষ্ঠিত এই সভাখনত বি এইচ বি মহাবিদ্যালয়ৰ অধ্যক্ষ বিৰিঞ্চি কুমাৰ দাস, বৰপেটা সাহিত্য সভাৰ উপ সভাপতি ডা: কমল কৃষ্ণ দাসে উপস্থিত থাকি ভাষণ প্ৰদান কৰে ৷ সভাখনত কেইবাগৰাকী বিশিষ্ট ব্যক্তি আৰু সাহিত্যপ্ৰেমী ৰাইজ উপস্থিত থাকে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close