অসমবিশেষশীৰ্ষ

বৰপেটাত “জীৱন কানন” শিশুৰ আশ্ৰয় গৃহৰ উদ্বোধন

মফিদুল হক,বৰপেটা

বৰপেটা চহৰত শুকুৰবাৰে উদ্বোধন কৰা হয় “জীৱন কানন” নামৰ শিশুৰ আশ্ৰয় গৃহ৷

ছানৰাইজ চ’ছাইটি ফৰ ছ’ছিয়েল ৱেলফেয়াৰ সংস্থাটোৰ উদ্যোগত পশ্চিম পালাংদিহাটীত স্থাপন কৰা শিশুৰ আশ্ৰয় গৃহটো উদ্বোধন কৰে জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই৷ জীৱন কানন নামৰ শিশুৰ আশ্ৰয় গৃহটো পূৰ্ণাংগ কৰাৰ বাবে ভূমিৰ লগতে গৃহ নিৰ্মাণ কৰি দিয়াৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলি উপায়ুক্ত গৰাকীয়ে মন্তব্য আগবঢ়ায় ৷ অনুষ্ঠানটোত বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰ, বৰপেটা শাখা সাহিত্য সভাৰ সভাপতি ডা কমলকৃষ্ণ দাস, সমাজকৰ্মী প্ৰদীপ দাসে শুভেচ্ছামূলক মন্তব্য আগবঢ়ায় ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close