অসমবিশেষশীৰ্ষ

বৰনগৰ মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন

ছহিজুল আলী, সৰভোগ

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে অলপতে সৰভোগৰ বৰনগৰ মহাবিদ্যালয়ত মহাবিদ্যালয় কৰ্তৃপক্ষ আৰু বিজ্ঞান সমিতি বৰনগৰ শাখাৰ উদ্যোগত এখন সভা অনুষ্ঠিত কৰা হয়।

মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড° প্ৰকাশ কুমাৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাত বৰপেটাৰোড-হাউলী মহাবিদ্যালয়ৰ অধ্যাপিকা ড° সুৰচী সিং সমল ব্যক্তি হিচাপে উপস্থিত থাকে। তেওঁ ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি বিজ্ঞান দিৱসৰ এইবাৰৰ বিষয় বিজ্ঞানত মহিলাসকল সম্পৰ্কে ভাষণ প্ৰদান কৰে। সভাৰ আঁত ধৰে বৰনগৰ মহাবিদ্যালয়ৰ অধ্যাপিকা তথা অসম বিজ্ঞান সমিতিৰ বৰনগৰ শাখাৰ সম্পাদিকা ড° পল্লৱী গোস্বামীয়ে। আজি বিজ্ঞান দিৱসৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এখন কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close