অসমবিশেষশীৰ্ষ

বৰনগৰৰ বোৱাৰী তথা জনপ্ৰিয় মডেল ইনাক্ষী দাসৰ সফলতা

চলমান আলী, সৰভোগ

বৃহত্তৰ বৰনগৰৰ অন্যতম নগৰ সৰভোগ৷এই সৰভোগ অতীতৰ পৰাই,স্বাধীনতা সংগ্ৰাম,খেলা ধূলা,ৰাজনীতি,সাংস্কৃতিক,পঢ়াশুনা,অভিনয়,সাহিত্য,চাকৰি,খেতিবাতি আদি সকলোতে আগৰণুৱা আছিল,এতিয়াও সকলোফালে আগৰণুৱা সৰভোগ৷সৰভোগৰ চাৰিওফালে কেবল প্ৰতিভা৷ এই প্ৰতিভা সমূহ ক্ৰমান্বয়ে ৰাজ্য তথা ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ পৰিচয়ৰ লগতে সৰভোগৰ নাম জিলিকাই তুলিবলৈ সক্ষম হৈছে৷কোনোবাই ঠিকেই কৈছে,নিজৰ লক্ষ্য তথা সপোন থিৰাং কৰি,সেই লক্ষ্য তথা সপোন পূৰণ কৰিবলৈ ভালকৈ আগুৱাই সাধনা কৰাৰ প্ৰয়োজন,তাৰে এক প্ৰমাণ পোৱা গ’ল,বৰপেটা জিলাৰ দুগ্ধ নগৰী হিচাপে খ্যাত সৰভোগত,মাত্ৰ কেইবছৰমান আগতে ইনাক্ষী দাসৰ নামৰ এগৰাকী মহিলাই সপোন দেখিছিল,ফেশ্বন আৰু মডেলিং জগতত আগুৱাই যোৱাৰ,এই সপোনটোৰ বাস্তৱত ৰূপায়িত কৰিবলৈ সুন্দৰকৈ সাধনা কৰিছিল,যাৰ ফলত আজি মহিলাগৰাকীয়ে ক্ৰমান্বয়ে সফলতা জোখলাৰে আগুৱাই যোৱা পৰিলক্ষিত হৈছে৷ চলিত বৰ্ষৰ ৮ নৱেম্বৰ তাৰিখে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা এক অনুষ্ঠানৰ জৰিয়তে,নে’ৱকাছ প্ৰেজেণ্টে তথা প্ৰথম খৱৰ আৰু শুভাকাংক্ষীৰ সহযোগত হীৰেন ভট্টাচাৰ্য শিল্পী সন্মান-২০১৯ ৰ প্ৰতিভাসম্পন্না মডেল বঁটা প্ৰদান কৰে ইনাক্ষী দাসক,আনফালে বেচৰকাৰী সংস্থা বিন্দু স্মাৰ্টৰ দ্বাৰা প্ৰকাশিত একমাত্ৰ পষেকীয়া সাংস্কৃতিক বাতৰি কাকত শিল্পীৰ দাপোণৰ উদ্যোগত ১১ নৱেম্বৰ অনুষ্ঠিত হবলগীয়া চিৰ যুগমীয়া ঢৌ তুলি শীৰ্ষক সংগীতানুষ্ঠানত ইনাক্ষী দাসক কৰ্মপ্ৰেৰণা বঁটাৰে সন্মানিত কৰিব,২০ জুলাই তাৰিখে শুভাকাংক্ষীয়ে প্ৰদান কৰা শুভাকাংক্ষীৰ বৰ্ষশ্ৰেষ্ঠ মহিয়সী বঁটা লাভ কৰে৷বিগত ২০১৮ বৰ্ষত ২৭ মে’ৰ পৰা ২৯ মেলৈ দিল্লীৰ গুৰগাঁৱত অনুষ্ঠিত হোৱা,আই.এম.মি. ৰয়েল ইণ্ডিয়া ইউনিভাৰ্ছ-১৮ প্ৰতিযোগিতাত দক্ষিণ এছিয়া মিছেছ ক্লাছিকেল ইউনিভাৰ্ছ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল৷ অসম সাহিত্য সভাৰ পঞ্চসপ্ততিম পূৰ্ণাংগ অধিবেশন ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শুৱালকুছিত অনুষ্ঠিত হ’য়৷ এই অধিবেশনৰ জৰিয়তে সৰভোগ বোৱাৰী তথা তথা ৰাজ্যৰ জনপ্ৰিয় মডেল ইনাক্ষী দাসৰ লগতে ৰাজ্যিক,ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ খ্যাতিসম্পন্ন কেইবাগৰাকী যুৱক-যুৱতীক ৩ ফেব্ৰুৱাৰী তাৰিখে ৰামধেনু কেন্দ্ৰীয় অনুষ্ঠানত সম্বৰ্দ্ধনা জনায়৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close