অসমবিশেষশীৰ্ষ

বৰঝাৰৰ পাগল বাবা আশ্ৰমত ৰাস উদযাপনৰ প্রস্তুতি

ওদালগুৰি আৰু দৰং জিলাৰ সীমাত অৱস্থিত শ্রীমৎ লীলানন্দ ঠাকুৰ (পাগল বাবা) প্রতিষ্ঠিত বৰঝাৰ আশ্ৰমত ৩-১৪ নৱেম্বৰলৈ ৰাস মহােৎসৱ উদযাপনৰ প্রস্তুতি চলােৱা হৈছে। সােণালী জয়ন্তী গৰকা ৰাস মহােৎসৱ উপলক্ষে পাগল বাবাই প্রতিষ্ঠা কৰা ৰাধাগােবিন্দ মন্দিৰ, কালী মন্দিৰ, শিৱ মন্দিৰ আটকধুনীয়াকৈ সজাই-পৰাই তােলাৰ লগতে মৃন্ময় মূর্তি সজাই তােলা হৈছে। ৰাসৰ কাৰ্যসূচী অনুসৰি ৩ নৱেম্বৰত গােপাষ্টমী উৎসৱ আৰু অধিবাস। ৪ নৱেম্বৰত গােপাষ্টমী, ৫-৮ নৱেম্বৰত বিভিন্ন ধর্মীয় উৎসৱ, ৯ নৱেম্বৰত ৰক্ষাকালী পূজা, লীলা কীর্তন, ১০ নৱেম্বৰত লীলা কীর্তন, ষােল্ল প্রহৰ নাম-কীর্তন, ১১ নৱেম্বৰত শিৱ পূজা নাম-কীর্তন, ৰাস উৎসৱ, ১২ নৱেম্বৰত নাম-কীৰ্তন কৰাৰ উপৰি ১৩ নৱেম্বৰৰ কাৰ্যসূচীৰ অন্তত ১৪ নৱেম্বৰত মহন্ত বিদায় আৰু দধি মংগল উৎসৱ অনুষ্ঠিত হ’ব। ৰাসৰ সমূহ কার্যসূচীত ৰাইজৰ সহায়-সহযােগিতা আৰু উপস্থিতি কামনা কৰিছে উদ্যোক্তাসকলে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close