অসম

বৰগীত অসমীয়া সমাজৰ প্ৰাণৰ স্পন্দন: বৰগীতৰ এলবাম “ভক্তি ৰসামৃত”ৰ শুভ উন্মোচন

চন্দন শৰ্মা, জামুগুৰিহাট

বৰগীত, অসমীয়া সমাজৰ প্ৰাণৰ স্পন্দন ৷বৰগীতে অসমীয়া সমাজৰ প্ৰাণ প্ৰতিষ্ঠা কৰিছে ৷ ইয়াৰ ৰস পান কৰা প্ৰতিজন ব্যক্তিয়ে ঐশ্বৰিক শক্তি লাভ কৰে ৷ এই মন্তব্য অসম সত্ৰ মহাসভাৰ প্ৰাক্তন সভাপতি তথা বাৰেচহৰীয়া ভাওনা উদযাপন কমিটিৰ সভাপতি ভৱ গোস্বামীৰ ৷ আজি জামুগুৰিহাটৰ পৰিদৰ্শন ভৱনত “ভক্তি ৰসামৃত” নামৰ বৰগীতৰ এটি শ্ৰব্য এলবাম শুভ উদ্ধোধন কৰি ভৱ গোস্বামীয়ে কয় গ্ৰামাঞ্চলৰ যুৱক-যুৱতী শিশু সকলৰ এনেধৰণৰ বৰগীত চৰ্চাই সমাজখনত আধ্যাত্মিকতাৰ পোহৰ বিলাব ৷ অঞ্চলটোৰ কেইবাগৰাকী উদীয়মান কণ্ঠ শিল্পী তথা শিশু শিল্পীয়ে কণ্ঠদান কৰা “ভক্তি ৰসামৃত” নামৰ এলবামটোৰ সংগীত পৰিচালক প্ৰশান্ত ৰাজখোৱা আৰু পৰিকল্পনা প্ৰাঞ্জু বাৰুতিৰ ৷ শুভ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকি প্ৰতিজন কণ্ঠ শিল্পীৰ সুকিয়াকৈ গীতৰ এলবাম শুভ উন্মোচন কৰে নদুৱাৰ উন্নয়ন খণ্ডৰ বিষয়া ৰাজীৱ বৰা, জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ জীৱন বৰা, সাংস্কৃতিক কৰ্মী ৰঞ্জন দাস, শংকৰ সংঘৰ সাংস্কৃতিক বিভাগৰ ৰাজ্যিক সম্পাদক গোপাল কৃষ্ণ বৰা, সমাজকৰ্মী প্ৰহ্লাদ হাজৰিকা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজৰ জিলা সভাপতি দিনেশ মহন্তই ৷ ভক্তি ৰসামৃত নামৰ বৰগীতৰ এলবামটিৰ সামগ্ৰীক পৰিকল্পনাৰ দ্বায়িত্বত থাকে জামুগুৰি আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী প্ৰধান শিক্ষক পংকজ শইকীয়া ৷ এলবামটোত কণ্ঠদান কৰে অনুৰাগ শইকীয়া, অনসুয়া গায়ন, প্ৰাঞ্জু বাৰুতি, জৰ্না ভৰালী, উপাসনা ভূঞাঁ আৰু প্ৰিয়াংগীতা কাকতীয়ে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close