বিশেষৰাষ্ট্ৰীয়শীৰ্ষ

বয়সে হাৰ নমনোৱা এগৰাকী আইতা

৯০ বছৰত ব্যৱসায় আৰম্ভ কৰিও সফল হৰভজন কৌৰ

এগৰাকী বয়সে হাৰ নমনোৱা ৯৪ বছৰীয়া বৃদ্ধা।নাম হৰভজন কৌৰ। ঘৰ চন্ডীগড়ত। মুখত বয়সৰ চাপ যদিও মনত অদম্য হেপাঁহ।আৰু এই হেপাহেই এতিয়া তেওঁক লক্ষত উপনীত কৰালে। ৯০ বছৰ পাৰ কৰাৰ পিছতো জীৱনটোক কেনেদৰে সজাব পাৰি এই কথাই জীয়ৰীৰ লগত আলোচনা কৰে তেওঁ।আলোচনাৰ অন্ততঃ তেওঁ ব্যৱসায়ৰ বাবে মন মেলে। ৯০ বছৰ।বয়সত তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰে। তেওঁৰ বাবে ই আছিল এক নতুন জীৱন আৰম্ভ কৰা প্ৰেৰণা। আৰু এই ক্ষেত্ৰত তেওঁৰ জীয়াৰী ৰবিনাৰ অনুদান লেখতলবগীয়া। কিয়নো জীয়ৰীৰ লগতে থাকে তেওঁ। জী-জোঁৱাই-নাতিনীক লৈয়ে এতিয়া তেওঁৰ পৰিয়াল।

৯০ বছৰীয়া আইতাৰ ঘৰৰ সকলোৱে তেওঁৰ ৰন্ধা-বঢ়াৰ খুবেই প্ৰশংসা কৰে। ঘৰত যিকোনো উৎসৱ বা অনুষ্ঠানত দোকানৰ পৰা কেতিয়াও মিঠাই অনা নহয়। ঘৰতেই সকলোৰে বাবে মিঠাই বনায় তেওঁ। নানা প্ৰকাৰৰ সুস্বাদু আচাৰো বনায় তেওঁ।সেই সময়ত মাক যথেষ্ট লাজকুৰীয়া আছিল। তেওঁৰ ৰন্ধন প্ৰকৰণ খাই অতিথিসকলে কৰে প্ৰশংসা, কিন্তু মাকে লাজত কেতিয়াও তেওঁলোকৰ সন্মুখলৈ নাহে। দিনৰ বেছিভাগ সময় তেওঁ পাকঘৰতে কটায়।আজিৰ পৰা চাৰি বছৰ পূৰ্বে ৰবিনাই মাকৰ সন্মুখত ৰাখে ষ্টাৰ্ট-আপ আৰম্ভ কৰাৰ প্ৰস্তাৱ। এই বয়সত ব্যৱসায়! প্ৰথমতে ভাবিবই পৰা নাছিল হৰভজন কৌৰে।পিছত নাতিনী আৰু জীয়াৰী ৰবিনাৰ কথাত তেওঁ ৯০ বছৰ বয়সত নিজৰ ব্যৱসায় আৰম্ভ কৰে। প্ৰথমতে বেচনৰ বৰফি আৰু বিভিন্ন ধৰণৰ আচাৰ তৈয়াৰ কৰি ওচৰৰ এখন বজাৰত গৈ বিক্ৰী কৰে।প্ৰথমদিনাই সকলো বিক্ৰী হৈ যায়। ঘৰ সোমাইছিল হাতত ২০০০ টকা লৈ। সেয়াই আছিল তেওঁৰ প্ৰথম উপাৰ্জন। এয়াই আছিল ব্যৱসায় দিশত প্ৰথমটো খোজ। পৰৱৰ্তী সময়ত আইতাই নিজেই গ্ৰাহকৰ পৰা অৰ্ডাৰ লয়, বেচনৰ বৰফি প্ৰস্তুত কৰি দোকানলৈ পঠিয়াই দিয়ে। নাতিনীয়ে তাৰ পেকিঙৰ কাম কৰে। বৰ্তমান হৰভজন কৌৰৰ বয়স ৯৪ বছৰ। বিগত চাৰি বছৰ ধৰি একেই উদ্যমেৰে ব্যৱসায় চলাই গৈছে তেওঁ। তেওঁৰ এক কেজি বেচনৰ বৰফিৰ দাম বৰ্তমান ৮৫০ টকা।মিঠাইৰ পেকেটৰ টেগ লাইন- ‘হৰভজনছ বচপন য়াদ আ জায়ে’। এই চাৰি বছৰত মুঠ ৫০০ কেজি বৰফি বিক্ৰী কৰিছে তেওঁ। নাতিনীৰ বিয়াতো নিজ হাতে প্ৰস্তুত কৰা মিঠাইৰে অতিথিক আপ্যায়িত কৰিছে। উল্লেখযোগ্য যে, বৰ্তমানৰ বজাৰত আইতাৰ মিঠাই খুবেই প্ৰিয়।সকলোৰে মন্তব্য আইতাৰ হাতত যাদু আছে লগতে আশীৰ্বাদ। কাৰণ যিয়ে নহওক কিয় এইগৰাকী ৯৪ বছৰীয়া আইতাই পুনৰবাৰ প্ৰমাণ কৰিছে যে বয়স এটি সংখ্যাহে মাথোন। ই সফলতাৰ বাটত কেতিয়াও হেঙাৰ হব নোৱাৰে। এই উদ্যমৰ বাবেই আইতা খুবেই জনপ্ৰিয় হৈ পৰিছে জনমানসত।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close