আন্ত-ৰাষ্ট্ৰীয়বিজ্ঞানবিশেষশীৰ্ষ

ব্রিটেইন গৱেষণাগাৰৰ প্রশংসনীয় পদক্ষেপ

আগন্তুক কেইবছৰমানৰ ভিতৰত বিশ্বত বাণিজ্যিক ভিত্তিত যােগান ধৰিব গৱেষণাগাৰত উৎপাদন কৰা মাংস। এই তথ্য প্রকাশ কৰিছে ব্রিটেইনৰ এটি গৱেষণা প্রতিষ্ঠানে। প্রতিষ্ঠানটোৱে সমগ্র বিশ্বতে এই মাংস যােগান ধৰিব। বর্তমান পশুধন পালন তথা হত্যাৰ ফলত বহু ক্ষেত্ৰত ব্যাপক হাৰত পৰিৱেশ প্ৰদূষণ হৈছে। | সেয়ে গৱেষণাগাৰত বিজ্ঞানসন্মত পদ্ধতি অৱলম্বন কৰি যি মাংস সর্বসাধাৰণক যােগান ধৰা হ’ব সেয়া স্বাস্থ্যসন্মত বুলি প্রমাণিত হৈছে। ব্রিটেইনৰ গৱেষণা প্রতিষ্ঠান এদাম স্মিথ ইন্সটিটিউটৰ শেহতীয়া তথ্য অনুসৰি সমগ্র বিশ্বজুৰি গ্রীন হাউছ গেছ নির্গমন ৯৬ শতাংশ কমাবলৈ পশুধন পালন ৯৯ শতাংশ প্রয়ােজন হৈ পৰিছে। কিন্তু খাদ্য হিচাপে পশুধন হত্যা কৰাৰ ফলত প্রাকৃতিক দিশটোও বিনষ্ট হৈ পৰিছে। এই দিশটোৰ প্রতি লক্ষ্য ৰাখিয়েই গৱেষকসকলে গৱেষণাগাৰত মাংস উৎপাদন কৰিবলৈ উঠি-পৰি লাগিছে। বর্তমান বাণিজ্যিক দিশত ই প্ৰসাৰ লাভ নকৰিলেও শীঘ্ৰেই আমেৰিকাত উপলব্ধ হ’ব এই মাংস। পশুধনৰ দেহৰ পৰা মাত্র এটি কোষ সংগ্রহ কৰি প্ৰযুক্তিৰ সহায়ত গৱেষণাগাৰত মাংস প্রস্তুত কৰা হৈছে। ইতিমধ্যে গৱেষণাগাৰত প্ৰস্তুত কৰা মাংস প্রাকৃতিক দিশটোত যথেষ্ট অৰিহণা যােগাব। এটি জীৱক হত্যা নকৰি মাত্ৰ দেহৰ এটি কোষৰ গৱেষণাৰ ফলতেই উৎপাদিত হৈছে এই মাংস। নেদাৰলেণ্ডতাে পাঁচ বছৰ ধৰি এই মাংস উৎপাদনক লৈ গৱেষণা চলাই থকা হৈছে। ২০১৩ চনত মার্ক পােষ্ট তথা পিটাৰ ভাৰষ্টেট নামৰ দুজন গৱেষকে বিশ্বৰ প্ৰথমটো গৱেষণাগাৰত প্রস্তুত মাংসৰে হ’মবার্গাৰ তৈয়াৰ কৰি অন্য এক অভিলেখ সৃষ্টি কৰিছিল। বর্তমান এই গৱেষণাত ৭.৫ মিলিয়ন ইউৰাে ফাণ্ড গঢ় লৈ উঠিছে। উল্লেখ্য যে, আগন্তুক ২০২১ চনৰ ভিতৰত বাণিজ্যিকভাৱে গৱেষণাগাৰত প্রস্তুত হােৱা মাংস বজাৰত মুকলি কৰা হ’ব বুলি সদৰী কৰে গৱেষকসকলে। ইয়াৰ লগতে বিশ্বৰ আগশাৰীৰ নামী-দামী | ৰেষ্টুৰেণ্টসমূহ এই মাংসৰে তৈয়াৰী হ’ম বার্গাৰ অন্তত ১১ ডলাৰত বিক্রী হ’ব বুলি আশা প্রকাশ কৰিছে তেওঁলােকে। সঁচাকৈয়ে এই ক্ষেত্ৰত ব্রিটেইনৰ গৱেষণা প্রতিষ্ঠান এদাম স্মিথ ইন্সটিটিউটে গ্ৰহণ কৰা এই পদক্ষেপে বর্তমান সকলােৰে দৃষ্টি আকর্ষণ কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close