আন্ত-ৰাষ্ট্ৰীয়বিশেষৰাষ্ট্ৰীয়শীৰ্ষ

ব্রাজিল শ্বুটিং বিশ্বকাপঃ ইলা বেনিনৰ স্বর্ণ

বিশ্ব দৰবাৰত আকো ভাৰতীয় যুৱতীৰ স্বর্ণ। ইটোৰ পাছত সিটোকৈ ক্ৰীড়া জগতৰ প্ৰতিটো ইভেন্টতে বিশেষ সফলতা অর্জন কৰিবলৈ সক্ষম হৈছে দেশৰ উদীয়মান যুৱতীসকলে। এইবাৰ ভাৰতৰ মহিলা শ্বুটাৰ ইলা বেনিন। বালাড়িয়ানে ব্রাজিলত চলি থকা আইএছএছএফ বিশ্বকাপত দহ মিটাৰ এয়াৰ ৰাইফল শাখাত স্বর্ণ পদক লাভ কৰিছে। বুধবাৰে অনুষ্ঠিত উক্ত শাখাৰ চূড়ান্ত ৰাউণ্ডত ইলা বেনিন ২৫১.৭ পইন্ট সংগ্রহেৰ শীর্ষ স্থান দখল কৰে। ভাৰতৰ চাওঁলা আৰু অঞ্জলি ভাগৱতৰ পাছত দহ মিটাৰ এয়াৰ ৰাইফল শাখাত স্বর্ণ পদক লাভ কৰা তৃতীয় গৰাকী খেলুৱৈ হিচাপে পৰিণত হ’ল ইলা বেনিন। ইফালে টীম ইণ্ডিয়াৰ আন দুগৰাকী খেলুৱৈ অঞ্জু মুদগিল আৰু অপূর্বী চাণ্ডেলাই ক্ৰমে ষষ্ঠ আৰু একাদশ স্থান লাভ কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close