বিশেষৰাষ্ট্ৰীয়শীৰ্ষ

ব্যতিক্ৰমী ৰূপত দেশৰ প্ৰধানমন্ত্ৰী

মহাবলীপুৰমৰ সমুদ্ৰ তীৰত মোডীৰ স্বচ্ছ অভিযান

এখন স্বচ্ছ আৰু নিকা সমাজৰ সপোনৰ দেখিছিল মহামানৱ মহাত্মা গান্ধীয়ে।সেই সপোনক বাস্তবায়িত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে বৰ্তমান বহু পদক্ষেপ গ্ৰহণ কৰি আহিছে। ইয়াৰ ভিতৰত অন্যতম স্বচ্ছ ভাৰত অভিযান । সেয়ে অলপতে সমগ্ৰ দেশতে নিষিদ্ধ কৰা হৈছে প্লাষ্টিক। দেশক এবাৰ ব্যৱহার্য প্লাষ্টিকৰ পৰা মুক্ত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপ।

সেয়ে অলপতে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক দেখা গল অন্য এক ৰূপত। তামিলনাডুৰ মহাবলীপুৰমৰ সমুদ্ৰতীৰত প্ৰাত:ভ্ৰমণৰ সময়ত নিজহাতে পেলনীয়া প্লাষ্টিক বুটলি অন্য এক পৰিচয় দাঙি ধৰে। এই পদক্ষেপে স্বচ্ছতাৰ পৰিচয় দাঙি ধৰাৰ লগতে এখন প্লাষ্টিকমুক্ত দেশ গঢ়াৰ বাৰ্তা দিয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে চীনৰ ৰাস্ট্ৰপতি জি জিনপিঙৰ সৈতে বৈঠকৰ বাবে চেন্নাইত যাওতেই সমুদ্ৰতীৰত স্বচ্ছ অভিযান গঢ়ি তোলে। মোডীৰ এই ভিডিঅ চছিয়েল মিডিয়াত তীব্ৰ গতিত ভাইৰেল হৈ পৰে। উল্লেখযোগ্য যে ভিডিঅটোত দেখা গৈছিল মোডীৰ হাতত নাছিল কোনো গ্ল’ভছ, নাই কোনো নিৰাপত্তাৰক্ষী। এগৰাকী সাধাৰণ মানুহৰ দৰেই দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ এই ৰূপে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close