আন্ত-ৰাষ্ট্ৰীয়বিজ্ঞানবিশেষশীৰ্ষ

ব্যতিক্রমী প্রযুক্তি আৱিষ্কাৰ

ইণ্টাৰনেচনেল ডেস্ক

ক্রমান্বয়ে বিশ্বত বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা। বিশ্বত প্রতিবছৰে আঠলাখ মানুহে আত্মহত্যা কৰে বুলি বিশ্ব স্বাস্থ্য সংস্থাৰ ২০১৪ চনৰ এক তথ্যত পােহৰলৈ আহিছে। এই তথ্যত কোৱা হৈছে প্রতিদিন অন্তত ছয়জন ব্যক্তিয়ে আত্মহত্যা কৰে অষ্ট্রেলিয়া চহৰত। ইয়াৰ তুলনাত দৈনিক ৩০জন লােকে আত্মহত্যাৰ চেষ্টা কৰে। এই আত্মহত্যাক ৰােধ কৰিবলৈ বৈজ্ঞানিক দল এটিয়ে এটি গৱেষণা অব্যাহত ৰাখিছে। এই সম্পর্কে মানুহে গুগলত বহু তথ্য সন্ধান চলায় যদিও এই প্রক্রিয়া গ্রহণযােগ্য হৈ উঠা নাই। চিকিৎসকসকলেও ইয়াক গ্রহণযােগ্য বুলিও মত পােষণ কৰা নাই। সেয়ে এই অপৰাধ সমূহ ৰােধ কৰিবলৈ বৈজ্ঞানিকসকলে এক নতুন প্রযুক্তি উদ্ভাৱন কৰিছে। দ্যা ব্লেক ডগ ইন্সটিটিউটে আৰু এটি নতুন প্রকল্প হাতত লৈছে। ইয়াৰ নাম দ্য চেণ্টাৰ অৱ ৰিচাৰ্ছ এক্সেলেন্স ইন চুইচাইড প্রিভেনচন। আত্মহত্যাৰ হাৰ কমােৱাৰ ক্ষেত্ৰত এই প্রযুক্তিয়ে কিমানদূৰ সফল হয় ইয়াক লৈ গৱেষণা অব্যাহত ৰাখিছে বৈজ্ঞানিকৰ দলটোৱে। দ্য ব্লেক ডগ ইন্সটিটিউটৰ অধ্যক্ষ হেলেন ক্রিস্টেনচেনে এই ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছে। বর্তমান এই পদ্ধতি তথা প্রক্রিয়াটো প্ৰাৰম্ভিক স্তৰত পৰীক্ষামূলকভাৱে উপস্থাপন কৰা হৈছে। প্ৰতিটো দিশেই খুটি-নাটি মাৰি চোৱা হৈছে। যদিহে এই প্ৰাৰম্ভিক পৰীক্ষাই এক উচিত সিদ্ধান্তত উপনীত হয় তেন্তে এই প্রযুক্তি অপৰাধ ৰােধ কৰাত যে সহায়ক হৈ পৰিব তাত কোনাে সন্দেহ নাই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close