অসমবিশেষশীৰ্ষ

বৈকুন্ঠ নগৰীলৈ পৰিণত হাটিঙাৰ ৰামপুৰ

চন্দন শৰ্মা, জামুগুৰিহাট

শোণিতপুৰ জিলাৰ উত্তৰ জামুগুৰিৰ অন্তৰ্গত হাটিঙা ৰামপুৰ কেন্দ্ৰীয় নামঘৰত পৱিত্ৰ কাতি বিহুৰ দিনাই এক মাংগলিক নীতি-নিয়মৰে গুৰু আসন প্ৰতিষ্ঠা কৰা হয় । প্ৰতিষ্ঠা দিৱসত পুৱাই পৱিত্ৰ ভাগৱত ভাগ শিৰত লৈ ভাগৱত ভ্ৰমণ কৰি খোল-তাল, দবা, কাঁহ আৰু হৰি নামৰ ধ্বনিৰে সিংহাসনত গুৰুজনাক প্ৰতিষ্ঠা কৰে ।

তাৰ পাছত শৰাই অৰ্চনা কৰি গায়ন-বায়ন যোৰাভাগ খোল-বৰতাল, দবা-নাগাৰাৰ ধ্বনিৰে নামঘৰৰ চৌপাশৰ লগতে আকাশ-বতাহ কঁপাই তোলে । ইয়াৰ পাছত অনুষ্ঠিত নাম-প্ৰসংগভাগত হৰিনামৰ ধ্বনিৰে মুখৰিত কৰি তোলে সমুহ ভক্তপ্ৰাণ ভকত, আই-মাতৃ, যুৱক-যৱতীসকলে । আটকধুনীয়াকৈ নিৰ্মাণ কৰি উলিওৱা সুবিশাল নামঘৰটোৰ গুৰু আসন প্ৰতিষ্ঠা উপলক্ষে অনুষ্ঠিত মাংগলিক অনুষ্ঠানত সভাপতি সূৰ্য্য বৰুৱা আৰু সম্পাদক জিন্টু ভূঞাৰ লগতে বিশেষভাবে সহায়-সহযোগ কৰে হাটিঙা ৰামপুৰ অঞ্চলৰ জেষ্ঠ সমাজকৰ্মীসকলে ভাষন প্ৰসংগত কয় – “হৰি নামৰ ধ্বনিৰে সকলোৰে মনত শান্তি আৰু ভক্তিভাব সৃষ্টি হোৱাৰ লগতে সমন্বয়ৰ এনাজৰীডাল সবল কৰি তোলে । ইফালে আটকধুনীয়াকৈ পুন:নিৰ্মাণ কৰি উলিওৱা নামঘৰটো নিৰ্মাণৰ ক্ষেত্ৰত অঞ্চলটোৰ বিভিন্ন ব্যক্তিৰ অকৃত্ৰিম সহায়ৰ উপৰি অঞ্চলটোৰ পৰা বিবাহৰ পৰিপ্ৰেক্ষিতত বিভিন্ন স্থানত থকা জীয়াৰীসকলেও নিৰ্মাণ কাৰ্যৰ বাবে সহায়-সহযোগিতা আগবঢ়োৱাৰ বাবে গাওঁ উন্নয়ন সমিতিয়ে কৃতজ্ঞতা জ্ঞাপন কৰিছে । আজি পুৱাৰে পৰা বিভিন্ন ঠাইত থকা জীয়াৰী-বোৱাৰী তথা ব্যক্তি বিশেষৰ আগমন ঘটে নামঘৰ প্ৰাংগণত । অঞ্চলটোৰ ভিতৰতে সুবিশাল নামঘৰটোৰ গুৰু আসন প্ৰতিষ্ঠাক কেন্দ্ৰ কৰি আজি একপ্ৰকাৰ অঞ্চলটোৰ বৈকুন্ঠ নগৰীলৈ পৰিণত হয় । ইয়াৰোপৰি প্ৰতিষ্ঠা দিৱস উপলক্ষে দিনে নিশাই পৱিত্ৰ ভাগৱত পাঠ কৰে হাটিঙা ৰামপুৰ কেন্দ্ৰীয় নামঘৰত ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close