শীৰ্ষস্বাস্থ্য

বেলৰ স্বাস্থ্য উপকাৰিতা

খালিদ ইছলাম

বেলগছ আমি সকলোৱে চিনি পাওঁ। এই গছৰ ফলক বেল বুলিয়েই কোৱা হয়। ইয়াৰ বৈজ্ঞানিক নাম Aegle Marmetos আৰু ইংৰাজীত বেলক Wood apple বোলে। মানুহৰ দৈনন্দিন জীৱনত বেল আৰু বেলগছৰ গুৰুত্ব বহু বেছি। ইয়াৰ প্ৰত্যেকটি অংগই, মূল,ফুল,ডাল,চাল,বীজ, ফল আমাৰ বাবে অতি মূল্যৱান আৰু বিভন্ন সুকামত বিশেষকৈ হিন্দু ধৰ্মৰ পূজা অৰ্চনাত ইয়াক আগস্থান দিয়াৰ লগতে মানুহৰ সুস্বাস্থ্যৰ বাবে ঔষধি হিচাপেও ব্যৱহাৰ কৰি আহিছো।
বেলত থকা পুষ্টিকৰ তত্ববোৰ ক্ৰমে কাৰ্ব’হাইড্ৰেট,প্ৰ’টিন, ভিটামিন-এ, ভিটামিন-বি ৰ ভিতৰত ৰাইব’ফ্লেভিন, থিয়ামাইন, ভিটামিন-চি,
কেলছিয়াম, ফচফৰাছ,আইৰণ, শক্তি (কেলৰি) আৰু যথেষ্ট পৰিমাণে পানী ইত্যাদি ইত্যাদি…।
বহু ৰোগৰ ঔষধি ৰূপে ব্যবহৃত হোৱা বেলৰ কেইটিমান উপকাৰিতা আজি জানি থঁও আহকচোন…


১) ডায়েৰীয়া(Diarrhoea) ৰোগীক কেঁচা বেল পুৰি তাৰ শাহটো দুচামুচ কৈ খাবলৈ দিলে পায়খানা বন্ধ হয়।
২) গৰমৰ দিনবোৰত বেলৰ চৰবত এক শীতলীকৰণ পানীয়ৰূপে ব্যৱহাৰ কৰিব পাৰি ৷ ই শৰীৰ শীতল কৰে।
৩) গাৰ বেয়া গোন্ধ বিশেষকৈ গৰমত ঘামজনিত কাৰণত গা গোন্ধালে বেলৰপাত পিচি ৰস উলিয়াই পানীত মিহলাই গাধূৱাৰ আগত শৰীৰত লগাই কিছুক্ষন ৰাখি স্নান কৰিলে গাৰ বেয়া দুৰ্গন্ধ নোহোৱা হয়।
৪) কাঁহৰ ভিতৰত এটি হৈছে হুপিং কাহ আৰু এনে সময়ত বেলৰ পাত গৰুৰ ঘিউঁত ভাজি গুড়ি কৰি ইয়াৰ সামান্য পৰিমাণে এক চাহ চামুচ মৌজোলৰ লগত সেৱন কৰিলে উপক্ষম পোৱা যায়।
৫) পকা বেলৰ শাহ গৰম পানীত মিহলাই খালে কিডনী পৰিস্কাৰ হোৱাৰ লগতে বিভিন্ন ইনফেকশ্বন্ দূৰ হয় বিশেষকৈ কিডনিৰ পাথৰ এই মিশ্ৰণে প্ৰস্ৰাৱৰ লগত বাহিৰ কৰে আৰু প্ৰস্ৰাৱৰ জ্বলন পুৰণিও বহু ৰোধ কৰে।
৬) পকা বেলৰ শাহ হৃদৰোগীৰ বাবে পৰম ঔষধি। আক্ৰান্ত ৰোগীয়ে গাখীৰৰ লগত মিহলাই খাওক।
ইয়াৰ উপৰিও পকা বেলে মানুহৰ অজীৰ্ণ, কোষ্ঠকাঠিন্য,ভাইৰেল জনিত বিভিন্ন ৰোগ,অৰ্শৰোগ ইত্যাদি দূৰ কৰে। পিছে ব্যক্তি বিশেষে কোনো কাৰণত কোনো জনৰ যদি এলাৰ্জি বা অন্য অসুবিধা থাকে তেনে পৰিহাৰ কৰিব।
তেনে পুষ্টিবৰ্ধক অন্য ফলৰ দৰে বেলো সেৱন কৰক আৰু সুস্থ থাকক।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close