বিশেষশীৰ্ষস্বাস্থ্য

বেঙেনাৰ স্বাস্থ্য উপকাৰিতা

ডা:পুলিন ৰাজবংশী

বেঙেনাক লৈ বিভিন্ন জনৰ বিভিন্ন মত থাকিলেও কিন্তু বেঙেনাৰ কিছু লেখত লবলগী ঔষধি গুণ আছে। বেঙেনাত পোৱা যায় ফাইবাৰ, ভিটামিন বি ১, ভিটামিন বি ৬, ভিটামিন বি ৩, ভিটামিন চি, ভিটামিন কে, আইৰণ,শৰ্কৰা, ফেট,ইত্যাদি ইত্যাদি।

বেঙেনাৰ স্বাস্থ্য উপকাৰিতা বোৰ জানো আহকচোন…
১) মানুহৰ হৃদপিণ্ডৰ বাবে প্ৰায়খিনি তত্ত্ব বেঙেনাত পোৱা যায়।ফলত বেঙেনা খালে হৃদপিণ্ড সুস্থ থাকে।
২) বেঙেনাত ফাইটোনিউট্রিয়েন্ট নামৰ এটি উপাদান থাকে যি নেকি শৰীৰৰ ফ্ৰীৰেডিকেল বোৰৰ বিৰুদ্ধে যুঁজিব পাৰে।ইয়াৰ উপৰিও ই মানুহৰ মস্তিষ্কক বিভিন্ন ৰোগ ও টক্সিনৰ পৰা মুক্ত কৰি ৰখাত সহায় কৰে আৰু লগতে মস্তিষ্কত ৰক্ত প্রবাহ বৃদ্ধি কৰি ৰাখে। ফলত মানুহৰ মগজু ঠাণ্ডা হৈ থকাৰ লগতে স্মৃতি শক্তি ও বৃদ্ধি পায়।
৩) বেঙেনা পুৰি চাটনি/ভট্টা বনাই ২০দিন লেথাৰি খালে কিডনীত সৰু সুৰা পাথৰ থাকিলে প্ৰস্ৰাৱৰ লগত উলাই যায়।
৪) বেঙেনাই পাকস্থলীত পৰিপাক ৰসৰ উৎপাদন বৃদ্ধি কৰি পৰিপাক প্রক্রিয়াৰ উন্নিত কৰে ফলত মানুহৰ হজম শক্তি বৃদ্ধি পায়।
৫) বেঙেনাত আইৰণৰ মাত্রা অনেক বেছি। সেয়েহে নিয়মিত বেঙেনা খালে ৰক্তশূন্যতা(Anaemea) সমস্যা নোহোৱা হয়।
৬) ইয়াত থকা পুষ্টিকৰ তত্ত্ববোৰে মানুহৰ, চুলি, নখ,দাঁত,মজবুত কৰে আৰু স্কিনৰ সৌন্দৰ্য্য ধৰি ৰাখে।
৭)বেঙেনাত থকা শক্তিশালী এন্টিঅক্সিডেন্ট ক্লোৰ’জেনিক এচিডে কোষৰ ভিতৰৰ এনজাইম পৰিষ্কাৰ কৰে আৰু শৰীৰৰত কেঞ্চাৰৰ দৰে মৰাত্মক কোষবোৰক ধ্বংস কৰে আৰু ভাইৰাচ জনিত বিভিন্ন ৰোগৰ পৰা দেহক বচাই ৰাখে।

লবলগীয়া সাৱধানতা
ব্যক্তি বিশেষে সমস্যা থকাটো স্বাভাৱিক। যাৰ বেঙেনাত এলার্জি জনিত সমস্যা ৰৈছে ইয়াৰোপৰি যিজনৰ আর্থ্রাইটিচ্ বা বাতবিষ আছে তেঁওলোকৰ বাবে বেঙেনা ক্ষতিকাৰক।
কিন্তু যিসকলৰ কোনো সমস্যা নাই তেওঁলোকে যেন অন্য পাচলিৰ লগে লগে বেঙেনাও নিয়মীয়াকৈ খোৱা কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close