
পৃথিৱী সৃষ্টিৰ অন্তৰালতাে বহু ৰহস্য ঘণীভূত হৈ আছে। বিভিন্ন সময়ত বিভিন্নজন বৈজ্ঞানিক, দার্শনিক তথা জ্যোর্তিবিদসকলে বিভিন্ন মত আগবঢ়াইছে। শেহতীয়াকৈ এনে এক কথাই বৈজ্ঞানিকসকলে সদৰী কৰিছে। বৈজ্ঞানিকসকলৰ মতে পুর্বে পৃথিৱীৰ ৰং বেঙুণীয়া আছিল। পিছলৈহে ৰং সলনি হৈ সেউজ বৰণৰ হৈ পৰে। এই কথা সদৰী কৰে গৱেষক শিলাদিত্য দাস শর্মাই। আন্তর্জাতিক বিজ্ঞান বিষয়ক এটি ৱেবছাইটত এই প্রতিবেদন প্রকাশ পাইছে। ইউনিভাৰছিটি অৱ মেৰীলেণ্ডৰ গৱেষকে কেইবা দশক পূর্বেই এই বিষয়টো পােহৰলৈ আনিছিল। তেওঁৰ মতে আদিম যুগত এই পৃথিৱী এটি বেঙুণীয়া ৰঙৰ এককোষী অণুজীৱৰ দখলত আছিল। যিয়ে পৃথিৱীৰ ৰং বেঙুণীয়ালৈ পৰিৱৰ্তন কৰিছিল। কিন্তু কালক্ৰমত বিৱর্তনৰ নিয়মৰ ফলত সেই ৰং হেৰাই গল। সতেজ ক্ল’ৰফিলৰ অৱস্থিতি পৃথিৱীত অহাৰ লগে লগেই যেন সেই বেঙুণীয়া ৰং শেষ হৈ সেউজীয়া হৈ পৰে। তথাপিও ইয়াক লৈ বহু গৱেষকে বহু মত আগবঢ়াইছে। কিন্তু শিলাদিত্যৰ গৱেষণাত অন্য এক দিশৰ উন্মােচন ঘটিছে। তেওঁৰ মতে পৃথিৱীৰ সমান্তৰালকৈ অন্য গ্রহতাে বেঙুণীয়া ৰঙৰ প্রাণ থাকিব পাৰে। ইতিমধ্যে এই সন্দৰ্ভত গৱেষণা অব্যাহত ৰখা হৈছে। অন্য এক তথ্যত পােহৰলৈ আহিছে যে পূর্বতে পৃথিৱীত মানৱ জাতিৰ অৱস্থিতি নাছিল। কিন্তু কালক্ৰমত মানৱ জাতি তথা জীৱৰ অৱস্থিতিয়ে ইয়াত এক প্রাকৃতিক পৰিৱেশ গঢ় দিয়ে। যাৰ ফলত গছ-গছনি, পাহাৰ-পর্বত আদি গঢ় লৈ পৃথিৱীখন সেউজীয়া কৰি তােলে। ফলত ক্ল’ৰফিলৰ সহায়ত সমগ্র পৃথিৱী সেউজীয়া তথা জীৱৰ উপযােগী হৈ উঠে। উল্লেখ্য যে, কাৰণ যিয়ে নহওঁক বিভিন্ন সময়ত বৈজ্ঞানিকৰ দলসমূহে গৱেষণা চলাই বহু নজনা কথাৰ উমান দিয়ে।