অসমবিশেষশীৰ্ষ

বৃহত্তৰ লেহুগাওঁ সাৰ্বজনিন ৰাস মহোৎসৱৰ লাইখুটা স্থাপন

উত্তৰ অসমৰ অন্যতম সৰ্ববৃহৎ মুকলি ৰাস হিছাপে বিবেছিত বৃহত্তৰ লেহুগাও সাৰ্বজনিন ৰাস মহোৎসৱৰ যোৱা ১৩ অক্টোৱৰ তাৰিখে সম্পূৰ্ণ ধৰ্মীয় নীতি নিয়মৰে আৰু পুৰ্বৰ পৰম্পৰা অক্ষুন্ন ৰাখি লাইখুটা স্থাপন কৰা হয়। লেহুগাও ৰাজহুৱা মৈদানত অহা ১০,১১ আৰু ১২ নৱেম্বৰ তাৰিখে আৰম্বৰপুৰ্ন ভাৱে অনুষ্ঠিত হ’ব লগা উক্ত ৰাস মহোৎসৱৰ লাইখুটা প্ৰতিষ্ঠা কৰে কাৰ্যকৰি সভাপতি শশিমোহন হাজৰিকাই। শতাধিক ৰাইজৰ উপস্থিতিত লাইখুটা স্থাপন কৰি কাৰ্যকৰি সভাপতি গৰাকিয়ে আজিৰ পৰাই সকলোকে যুদ্ধকালিন তৎপৰতাৰে কামত অগ্ৰসৰ হ’বলৈ আহ্বান জনায়।

বিগত বৰ্ষ সমুহৰ সাফল্যৰ ধাৰাৰ যাতে এইবাৰ অলপো যতি নপৰে তাৰপ্ৰতি মনোনিবেশ কৰিবলৈ প্ৰতিগৰাকি কৰ্মকৰ্তা আৰু ৰাইজক আহ্বান জনায়। লাইখুটা স্থাপনৰ এই কাৰ্যসুচিত ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি খগেন হাজৰিকা, যুতিয়া সম্পাদক ৰবিন হাজৰিকা, গোবিন্দ হাজৰিকা, পাপু ভূঞা, তুষাৰ হাজৰিকা, ৰূপজ্যোতি শইকীয়া,দেৱজিৎ শইকীয়া, পৰিচালক সৰ্বানন্দ হাজৰিকা, ভাওনা উপ সমিতিৰ সভাপতি দীপক হাজৰিকা, দৃশ্যসজ্জা উপ সমিতিৰ সভাপতি পুৰ্ন হাজৰিকা, ভাগৱত ভ্ৰমন উপ সমিতিৰ সভাপতি লম্বোদৰ শইকীয়া, সম্পাদক কুমুদ হাজৰিকা সহ বহু কৰ্মকৰ্তা আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close