বিচিত্র জগতবিশেষশীৰ্ষ

বৃক্ষপ্রেমিক ৱাহিদ চৰ্দাৰ

বাছিৰ আহমেদ ছাহ

এগৰাকী বিশেষ ব্যক্তি। বক্তিগৰাকীয়ে বর্তমান সকলােৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে। আকৰ্ষণৰ কেন্দ্রবিন্দু হােৱাৰাে কাৰণ সুকীয়া। এক কথাত ক’বলৈ গ’লে তেওঁ এগৰাকী ‘বৃক্ষপ্রেমিক।সঁচাকৈয়ে গছ-গছনিৰ সৈতে তেওঁৰ আছে এক সুকীয়া পৰিচয়। গছ-গছনিৰ প্রতিটো ভাষাই যেন তেওঁ হৃদয়ংগম কৰিব পাৰে। এই ব্যতিক্রমী ব্যক্তিগৰাকীৰ নাম ৱাহিদ চৰ্দাৰ। ঘৰ যশােৰত। পেছাত এগৰাকী সাধাৰণ ৰাজমিস্ত্রী যদিও তেওঁৰ চিন্তাধাৰাক সকলােৱে চেলুট জনাইছে। ৱাহিদ যিহেতু এগৰাকী বৃক্ষপ্রেমিক সেযে গছ-গছনিৰ প্রতিটো ভাষা তেওঁ উপলব্ধ কৰিব পাৰে। তেওঁ উপলব্ধ কৰিছে যে গছ-গছনিত চাইনবাের্ড আদি লগাবলৈ যি গজাল আদি ব্যৱহাৰ কৰা হয় তাৰ ফলত গছ-গছনিসমূহে বহু কষ্ট পায়। যিহেতু গছ-গছনিৰ প্রাণ আছে। সেয়ে তেওঁ ২০১৮ চনৰ জুলাই মাহৰ পৰা গছৰ পৰা এই চাইনবাের্ডসমূহ আঁতৰাবলৈ চেষ্টা অব্যাহত ৰাখিছে। যশােৰ, ঝিনাইদহ, খুলনা নামৰ তিনিখন জিলাৰ বিভিন্ন প্রান্তত থকা গছৰ পৰা বেনাৰ তথা চাইনবাের্ডসমূহ আঁতৰাই পেলাইছে। বর্তমানলৈকে তেওঁ প্রায় ৫০০ কিঃমিঃ এলেকাৰ পৰা মুঠ ১২৭ কেজি বেনাৰত ব্যৱহৃত গজাল আঁতৰাবলৈ সক্ষম হৈছে।

বর্তমান সময়ত মানুহৰ অসাৱধানতাৰ ফলত প্রায় প্রকৃতি ধ্বংস হৈছে। ইয়াৰ মূল কাৰণ কিন্তু আমিয়েই। আমি যিমানেই উচ্চ শিক্ষিত হৈছাে। সিমানেই অৱনমিত হৈছে মানৱতা। এই মন্তব্য আগবঢ়ায় ৱাহিদ চদাৰ নামৰ অশিক্ষিত ব্যক্তগৰাকীয়ে। অশিক্ষিত হলেও তেওঁৰ চিন্তাচর্চাই তেওঁক সম্পূর্ণরূপে শিক্ষিত কৰি তুলিছে। শেহতীয়া তথ্য অনুসৰি ২০০৬ চনৰ পৰা বৰ্তমানলৈকে তেওঁ প্রায় ৩০ হাজাৰ গছ নিজৰ খৰচত ৰােপণ কৰিছে। গছ-গছনিত যিসমূহ বেনাৰ লগােৱা হয় সেয়া কিন্তু শিক্ষিত লােকৰহে কাম। কিয়নাে তেওঁলােকে নিজৰ প্ৰতিষ্ঠানৰ বিজ্ঞাপন দিবলৈহে এইবােৰ কাম কৰে। সেয়ে এইসমূহ শিক্ষিত লােকৰ প্রতি ক্ষোভ ৱাহিদৰ। এই বেনাৰ উঠোৱা কামবােৰ কৰিবলৈ গৈ তেওঁ বহুতৰে তিৰষ্কাৰৰ সন্মুখীন হােৱাৰ লগতে তেওঁক মানসিক বিকাৰগ্রস্ত বুলিও অভিযােগ কৰে। তথাপিও যেন তেওঁৰ নিজৰ কাম কৰি গৈছে। তেওঁ এগৰাকী প্রকৃতিপ্রেমীক বা স্বেচ্ছাসেৱক এই কথা সমাজে মানি ল’বলৈ টান পায়। তথাপিও যেন তেওঁৰ আক্ষেপনাই। আর্থিক অনাটনে জুৰুলা কৰা তেওঁৰ পৰিয়ালেও এই ক্ষেত্ৰত প্ৰথমাৱস্থাত সহাৰি জনােৱা নাছিল যদিও পিছলৈ এই মহান পদক্ষেপক আঁকোৱালি লয়। তেওঁক লৈ এতিয়া পৰিয়ালবৰ্গই গৌৰৱ কৰে। উল্লেখ্য যে, বর্তমান ৱাহিদৰ পুত্ৰই মালয়েছিয়াত সংসাৰৰ আদিপাঠ শিকাৰ লগতে তেওঁ গছ-গছনিৰ সুৰক্ষাৰ নামত বিশেষ পদক্ষেপ গ্রহণ কৰিছে। গছ-গছনি থাকিলেহে পৃথিৱীত মানুহ জীয়াই থাকিব এই কথাষাৰকে প্রতিপন্ন কৰি তুলি পিতৃ-পুত্ৰই সংগ্রাম চলাই গৈছে। উল্লেখ্য যে, এই সংগ্রামৰ নির্দিষ্ট অন্তিম দিন ধার্য কৰা নাই যদিও প্রকৃতি ৰক্ষাৰ ক্ষেত্ৰত চৰকাৰেও এক বিশেষ পদক্ষেপ লােৱাটো তেওঁলােকে বিচাৰিছে। সেয়ে এই নির্দিষ্ট দিনটোলৈকে তেওঁলােকে অধীৰ আগ্ৰহৰে বাট চাই ৰৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close