ক্ৰীড়াঙ্গণভাল খবৰৰাষ্ট্ৰীয়শীৰ্ষ

বিশ্ব চেম্পিয়ন “মেৰী কম”

নিউজ ডেস্ক, ভাল খবৰ:মণিপুৰৰ তাৰকা মেৰী কম। পুনৰ ইতিহাস ৰচিলে মেৰী কমে । মহিলা বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ পদক লাভ কৰি ষষ্ঠবাৰৰ বাবে বিশ্ব চেম্পিয়ন হ’ল এম চি মেৰী কম। দিল্লীত অনুষ্ঠিত হোৱা আইবা মহিলা বক্সিং চেম্পিয়নশ্বিপত আজি ফাইনেলত ইউক্ৰেইনৰ অখ’টা হান্নাক পৰাস্ত কৰি ইতিহাস ৰচিবলৈ সক্ষম হয় খেলুৱৈগৰাকী।

৪৮ কিলোগ্ৰাম শাখাত মেৰী কমে বিপক্ষৰ অখ’টাক ৫-০ ব্যৱধানত পৰাস্ত কৰে। ৩৫ বছৰীয়া মেৰী কমে পূৰ্বেও বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ২০০২, ২০০৫, ২০০৬, ২০০৮, ২০১০ ত সোণৰ পদক আঁজুৰি আনিবলৈ সক্ষম হৈছিল। ইয়াৰ লগতে ২০০১ চনত মেৰী কমে লাভ কৰিছিল ৰূপক পদক । উল্লেখ্য, মেৰী কমৰ এইটো হৈছে বিশ্ব চেম্পিয়নশ্বিপৰ সপ্তমটো পদক।

আনহাতে টুইটাৰ যোগে মেৰীকমক অভিনন্দন জনায় ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close