আন্ত-ৰাষ্ট্ৰীয়বিচিত্র জগতবিশেষশীৰ্ষ

বিশ্বৰ সৰ্বাধিক ওজনৰ কিশােৰ

এজন চৈধ্য বছৰীয়া কিশােৰ। নাম মিহিৰ জৈন। এই বয়সতেই মিহিৰৰ শাৰীৰিক ওজন প্রায় ২৩৭ কেজি। এই শকত আৱত নােডােকা চেহেৰাটোৰ বাবেই মিহিৰক বিশ্বৰ আটাইতকৈ শকত কিশােৰৰ সন্মান প্রদান কৰা হৈছে। ইতিমধ্যে এই সন্মান লাভ কৰি মিহিৰ যথেষ্ট সুখী। কিন্তু ওজনৰ ক্ষেত্ৰত বিশ্ব অভিলেখ গঢ়িলেও শাৰীৰিক সমস্যাক লৈ যথেষ্ট চিন্তিত মিহিৰৰ পৰিয়ালবৰ্গ। শকত চেহেৰাৰ বাবেই মিহিৰে চলা-ফুৰা কৰা তথা শ্বাস-প্রশ্বাসত যথেষ্ট কষ্ট পাইছিল। কেৱল ইমানেই নহয় চলা-ফুৰাৰ বাবে মিহিৰে হুইল চেয়াৰ ব্যৱহাৰ কৰিবলীয়া হৈছিল। এই পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ অৱশেষত অস্ত্রোপচাৰৰ জৰিয়তে মিহিৰৰ শৰীৰৰ পৰা ৩০ কেজি চর্বি আঁতৰাবলগীয়া হয়। শেহতীয়া তথ্য অনুসৰি কেইবাদিন ধৰি শাৰীৰিক যন্ত্রণাত ককবকাই আছিল মিহিৰ। এই পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ পৰিয়ালে মিহিৰক চিকিৎসকৰ ওচৰলৈ লৈ আনে। চিকিৎসকে শাৰীৰিক সমস্যাৰ কাৰণ জানিবলৈ বহু পৰীক্ষা-নিৰীক্ষা কৰায়। অৱশেষত পৰীক্ষাৰ ৰিপৰ্টসমূহ সন্তোষজনক নােহােৱাত চিকিৎসকে অস্ত্রোপচাৰৰ সিদ্ধান্ত গ্রহণ কৰে। অস্ত্রোপচাৰৰ পূর্বে মিহিৰ আছিল বিশ্বৰ সৰ্বাধিক ওজনৰ কিশােৰ। সফল অস্ত্রোপচাৰৰ পিছত চিকিৎসক প্রদীপ চৌবেৰ ভাষ্য অনুসৰি বিগত বৰ্ষৰ ডিচেম্বৰ মাহৰ পৰাই মিহিৰ তেওঁৰ তত্বাৱধানত চিকিৎসা গ্রহণ কৰি আছে। প্রথম অৱস্থাত মিহিৰৰ শাৰীৰিক গঠন তথা ওজন দেখি চিকিৎসকসকল হতভম্ফ হৈ পৰিছিল। কিয়নাে, এই বর্ধিত ওজনে নিমিষতে বিপদ আনিব পাৰে মিহিৰৰ জীৱনলৈ। বর্ধিত ওজনৰ বাবে মিহিৰে ভালকৈ চলা-ফুৰা কৰাত অসুবিধাৰ লগতে ভালকৈ কথা পর্যন্ত পাতিব পৰা নছিল। অৱশেষত প্রায় এঘণ্টাজোৰা অস্ত্রোপচাৰৰ পিছত এক সফল পর্যায়ত উপনীত হয় চিকিৎসকৰ দলটো। এই মুহূর্তত মিহিৰ পূৰ্বতকৈ অধিক সুস্থ তথা বিপদমুক্ত বুলি সদৰী কৰে চিকিৎসকসকলে। তথাপিও যেন চিকিৎসকসকলে চিকিৎসা অব্যাহত ৰাখিছে। আগন্তুক কেইবাদিনৰ ভিতৰত মিহিৰৰ শৰীৰৰ পৰা আৰু ৪০ কেজি ওজন কমােৱাৰ পৰিকল্পনা লৈছে চিকিৎসালয় কর্তৃপক্ষই। চিকিৎসালয় কর্তৃপক্ষৰ শেহতীয়া তথ্য অনুসৰি মিহিৰৰ উচ্চতা পাঁচ ফুট। উচ্চতা তথা বয়স অনুযায়ী স্বাভাৱিক ওজন ঘূৰাই অনাটোৱে তেওঁলােকৰ মূল লক্ষ্য। বর্তমান মিহিৰৰ ওজন ১৬৫ কেজি। আগন্তুক সময়ত আৰু ১০০ কেজি ওজন কমাই এক স্বাভাৱিক অৱস্থালৈ ঘূৰাই অনাৰ পণ লৈছে চিকিৎসালয় কর্তৃপক্ষই। উল্লেখ্য যে, বর্তমান মিহিৰ পূৰ্বৰ তুলনাত যথেষ্ট সুস্থ। মিহিৰে সুন্দৰকৈ চলা-ফুৰা, খেলা-ধূলা আদি নিয়মিতভাৱে কৰিব লৈছে। মিহিৰৰ এই স্বাভাৱিক অৱস্থা দেখি পৰিয়ালৰ লােকৰ মুখত হাঁহি বিৰিঙাৰ লগতে চিকিৎসক তথা চিকিৎসালয় কর্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close