আন্ত-ৰাষ্ট্ৰীয়বিশেষশীৰ্ষ

বিশ্বৰ বয়ােজ্যেষ্ঠ ব্যক্তিগৰাকী

এগৰাকী ১১২ বছৰীয়া বৃদ্ধ। তেওঁৰ নাম মাছাজো নােনাকাৰ। ঘৰ জাপানৰ উত্তৰাঞ্চলৰ হােক্কাইদো দ্বীপত। বর্তমান এইগৰাকী বৃদ্ধই সকলােৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে। কিয়নাে, শেহতীয়াকৈ গিনিছ ৱর্ল্ড ৰেকর্ডে এইগৰাকী বৃদ্ধক বিশ্বৰ বয়ােজ্যেষ্ঠ পুৰুষৰ স্ফীকৃতি প্রদান কৰিছে। গিনিছৱৰ্ল্ড ৰেকৰ্ডৰ তথ্য অনুসৰি মাছাজো নােনাকাৰ নামৰ ব্যক্তিগৰাকীৰ জন্ম হৈছিল ১৯০৫ চনৰ ২৫ জুলাইত। ইয়াৰ কেইমাহমান পূর্বে বিজ্ঞানী এলবার্ট আইনষ্টাইনৰ বিশেষ আপেক্ষিক তত্ব প্রকাশ পাইছিল। বিশ্বৰ আটাইতকৈ বয়ােজ্যেষ্ঠ ব্যক্তিৰ সন্মান লাভ কৰা এইগৰাকী ব্যক্তিৰ জীৱন ধাৰণ প্রণালী সম্পর্কে সকলাে মানুহৰে জানিবলৈ উৎসুকতা বেছি। জীৱনৰ বহুকেইটা বসন্তই অতিক্ৰম কৰি বর্তমান তেওঁৰ শেষ সংগী হুইল চেয়াৰখন। প্রতিদিনে বাতৰি কাকত পঢ়া, গৰম পানীৰে গা ধােৱা ইত্যাদি কামবােৰ নিয়মিতভাৱে নিজেই কৰি গৈছে। তেওঁ যদিও চলা-ফুৰা কৰিবলৈ হুইল চেয়াৰ ব্যৱহাৰ কৰে তথাপিও যেন তেওঁৰ শাৰীৰিক অৱস্থা যথেষ্ট উন্নত। জাপান অথবা পাশ্চাত্য এলেকাৰ যিকোনাে ধৰণৰ মিঠাই তেওঁৰ অতিকৈ প্রিয়। পৰিয়ালৰ লােকৰ ভাষ্য অনুসৰি এইগৰাকী বৃদ্ধৰ দীঘলীয়া জীৱনযাত্ৰাৰ মূল ৰহস্যই হৈছে নিয়মিত মিঠাই খােৱা আৰু গৰম পানীৰে গা ধােৱা। অন্য এক তথ্যত পােহৰলৈ আহিছে যে, হােক্কাইদো দ্বীপৰ আচোৰা চহৰত বসবাস কৰা এইগৰাকী বৃদ্ধৰ পৰিয়াল বুলিবলৈ সাতগৰাকী ভাতৃ তথা এগৰাকী ভগ্নী আছিল। ১৯৩১ চনত হাটচুনাে নামৰ এগৰাকী নাৰীৰ সৈতে তেওঁ বিবাহপাশত আৱদ্ধ হয়। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত স্পেইনত ১১৩ বছৰীয়া ফ্রান্সিচকো নুনেজ অলিভাৰৰ মৃত্যুৰ পাছতেই আনুষ্ঠানিকভাৱে বিশ্বৰ বয়ােজ্যেষ্ঠ পুৰুষৰ সন্মান লাভ কৰে মাছাজো নােনাকাৰে। পূর্বৰ পৰাই জাপানৰ মানুহৰ দীর্ঘ আয়ুস সম্পর্কে এক আলােচনা বিলােচনা অব্যাহত আছে। দেশখনৰ কেইবাজনাে লােকৰ নাম ইতিমধ্যে বিশ্বৰ বয়ােজ্যেষ্ঠ লােকৰ তালিকাত স্থান পাবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত ২০১৩ চনত মৃত্যু হােৱা ১১৬ বছৰীয়া জিৰিওমােন কিমুৰা আছিল অন্যতম। উল্লেখ্য যে, মাছাজো নােনাকাৰে বিশ্বৰ বয়ােজ্যেষ্ঠ পুৰুষৰ সন্মান লাভ কৰাৰ পিছতে তেওঁৰ লগতে পৰিয়ালবৰ্গও যথেষ্ট উৎফুল্লিত হৈ পৰা দেখিবলৈ পােৱা গৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close