ক্ৰীড়াঙ্গণশীৰ্ষ

বিশ্বৰ নতুন চেম্পিয়ন

ভাল খবৰ

অৱশেষত অভিশাপৰ পৰা মুক্ত হল ইংলেণ্ড। বিশ্বক্ৰিকেটৰ পীঠস্থান লৰ্ডছত শেষ মাৰিলে দেশখনে।
টেমছ নদীৰ পাৰত ইংৰাজে বিচাৰি পালে লৰালিৰ ধেমালি।৪৪ বৰ্ষীয়া ব্যৰ্থতাৰ ধাৰা ভঙ্গ কৰি প্ৰথমবাৰৰ বাবে ক্ৰিকেট বিশ্বকাপৰ খিতাপ দখল কৰিলে আয়োজক দেশ ইংলেণ্ডে। নিউজিলেণ্ডৰ বিশ্বজয়ৰ সপোন অৱশেষত ইংলেণ্ডে চুৰমাৰ কৰি বিশ্বকাপ জয়ী দলৰ ইতিহাসত নাম সন্নিবিষ্ট কৰিলে দলটোৱে।শিহৰণকাৰী মেচ খনত চুপাৰ অভাৰ আৰু আই চি চি বিধি অনুসৰি বাউণ্ডেৰী ৰ জৰিয়তে ফাইনেল খনত জয়লাভ কৰে ঘৰুৱা দলটোৱে।টছত জিকি প্ৰথমে নিউজিলেণ্ডে বেটিং কৰাৰ সিদ্ধান্ত লয়।নিৰ্ধাৰিত ৫০ অভাৰত নিউজিলেণ্ডে সংগ্ৰহ কৰে ২৪১ ৰাণ। ২৪১ ৰানৰ পম খেদি  ইংলেণ্ডেও ৫০ অভাৰত সংগ্ৰহ কৰে ২৪১ ৰান।
খেল ড্ৰ হোৱাৰ পাছত আই চিচিৰ নিয়ম অনুসৰি দুয়োটা দলৰ মাজত খেলুৱা হ’ল ছুপাৰ অভাৰ।ছুপাৰ অভাৰত প্ৰথমে বেটিঙৰ বাবে ফিল্ডত নামে ইংলেণ্ড। ছুপাৰ অভাৰত বেটিং কৰিবলৈ অহা ইংলেণ্ডৰ বাটলাৰ আৰু বেন ষ্ট্ৰ’কে সংগ্ৰহ কৰে ১৫ ৰাণ। ছুপাৰ অভাৰত নিউজিলেণ্ডে বেটিঙৰ বাবে প্ৰক্ষেপ কৰে জে নিশ্বাম আৰু এম গুপ্টেয়ে। কিন্তু ইংলেণ্ডৰ বলাৰ এৰ’হাৰৰ বলত নিউজিলেণ্ড ১৫ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ছুপাৰ অভাৰটো খেল হয় ড্ৰ।

আ চি চি নিয়ম অনুসৰি সৰ্বাধিক বাউণ্ডেৰী কোবোৱাৰ হিচাপত অৱশেষত ইংলেণ্ড দখল কৰে ২০১৯ৰ ক্ৰিকেট বিশ্বকাপ। বিশ্বকাপ ২০১৯ৰ মেন অৱ দ্য টুনাৰ্মেন্টৰ খিতাপ দখল কৰে নিউজিলেণ্ডৰ অধিনায়ক কেন উলিয়ামছনে। আনহাতে মেন অৱ দ্য মেচ লাভ কৰে বেন ষ্ট্ৰ’কে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close