অসমবিশেষশীৰ্ষ

বিশ্বনাথ মহাবিদ্যালয়লৈ সুখৰ বতৰা :ৰাষ্ট্ৰসংঘৰ শৈক্ষিক প্ৰভাৱৰ দ্বাৰা সদস্য হিচাপে স্বীকৃতি

ৰূপজ্যোতি শইকীয়া, বিশ্বনাথ চাৰিআলি

অসমৰ উত্তৰপাৰৰ অগ্ৰণী শিক্ষানুষ্ঠান বিশ্বনাথ কলেজৰ মহাৰজত জয়ন্তী বৰ্ষত অহা এক নতুন খবৰে বিশ্বনাথ কলেজৰ লগত সংলগ্ন সকলোকে আনন্দিত কৰি তুলিছে।উল্লেখ্য যে ৰাষ্ট্ৰসংঘই বিদ্যাতনিক প্ৰভাৱৰ সদস্য হিচাপে বিশ্বনাথ কলেজক স্বীকৃতি প্ৰদান কৰিছে । আজি মহাবিদ্যালয়ত এক প্ৰেছ মেলৰ আয়োজন কৰি কলেজ পৰিচালনা সমিতিৰ সভাপতি কুকিল হাজৰিকা আৰু অধ্যক্ষ ড০ চিন্তা মণি শৰ্মাই এই কথা সদৰি কৰে।উল্লেখ্য যে বিশ্বনাথ কলেজৰ এই সদস্য প্ৰাপ্তিৰ বাবে এতিয়াৰ পৰা মহাবিদ্যালয়ে ৰাষ্ট্ৰসংঘৰ চনদৰ প্ৰতি প্রতিশ্ৰতিবদ্ধ হৈ মানৱ অধিকাৰ,সকলোৰে বাবে শিক্ষাৰ সুবিধা, বহনশীলতা, উচ্চ শিক্ষাৰে দক্ষতা বৃদ্ধি, বিশ্বজনীন নাগৰিকত্বৰ ধাৰণা, দৰিদ্ৰতা নিৰ্মূলকৰণ, প্ৰতিগৰাকী আগ্ৰহী ব্যক্তিৰ বাবে শৈক্ষিক সুবিধা, সহিষ্ণুতাৰ শিক্ষা আদি বিষয়ত ৰাষ্ট্ৰসংঘৰ শৈক্ষিক প্ৰভাৱৰ সদস্য হিচাপে কাম কৰাৰ স্বীকৃতি লাভ কৰিছে। মহাবিদ্যালয়ে ৰাষ্ট্ৰসংঘৰ প্ৰতীক চিহ্ন ব্যৱহাৰ কৰাৰ কৰ্তৃত্ব প্ৰাপ্ত কৰিছে। বিশ্বনাথ কলেজ অলপতে ২০১৯-২০ বৰ্ষৰ বাবে মানৱ সম্পদ উন্নয়ন বিভাগৰ সৃজনশীলতা সংসদৰ সদস্য হিচাপেও বিশ্বনাথ কলেজৰ সৃজনশীলতা সংসদক স্বীকৃতি প্ৰদান কৰিছে। নাকৰ দ্বাৰা B+ গ্ৰেড প্ৰাপ্ত বিশ্বনাথ কলেজ প্ৰশাসন, শিক্ষক আৰু কৰ্মচাৰীবৃন্দ, ছাত্ৰ একতা সভাৰ বিষয়ববীয়া তথা বিশ্বনাথ বাসী ৰাইজৰ ঐকান্তিক প্ৰচেষ্টাত কলেজে শৈক্ষিক উত্তৰণৰ বাবে তৎপৰ হোৱাৰ সমান্তৰালকৈ সামাজিক দায়বদ্ধতাৰে সমাজৰ বিভিন্ন যোগাত্মক ক্ষেত্ৰত অৰিহণা আগবঢ়াই অহা পৰিলক্ষিত হৈছে।আজিৰ সংবাদ মেলত ছাত্ৰ একতা সভাৰ সভাপতি প্ৰজ্ঞান জ্যোতি শইকীয়া, সাধাৰণ সম্পাদক ধীৰাজ কলিতা, সহকাৰী সাধাৰণ সম্পাদক প্ৰীতম দাস আৰু সৃজনশিলতা সংসদৰ সভাপতি অধ্যাপিকা দ্বীপ জ্যোতি নাথ উপস্থিত থাকে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close