অসমবিশেষশীৰ্ষ

বিশ্বনাথ জিলা শৰীৰ চৰ্চা সন্থাৰ বাৰ্ষিক দেহশ্ৰী প্ৰতিযোগিতা

ৰূপজ্যোতি শইকীয়া, বিশ্বনাথ চাৰিআলি

বিশ্বনাথ জিলা শৰীৰ চৰ্চা সন্থাৰ বাৰ্ষিক দেহশ্ৰী প্ৰতিযোগিতা “মিষ্টাৰ বিশ্বনাথ”অলপতে অনুষ্ঠিত হৈ যায়। সন্থাৰ সম্পাদক নিত্য শৰ্মাৰ তত্বাৱধানত বিশ্বনাথ চাৰিআলিৰ হিমালয় বিবাহ ভৱনত প্ৰায় অৰ্ধশতাধিক খেলুৱৈৰ মাজত দেহশ্ৰী, পুৰুষৰ ফিটনেচ মডেল, মহিলাৰ ফিটনেচ মডেল খেল অনুস্থিত হয়। দেহশ্ৰী প্ৰতিযোগিতাত শৰীৰৰ ওজন অনুসৰি তিনিটা শাখাত খেল অনুস্থিত হয়। ৫৫ কেজিৰ তলৰ, ৫৬ ৰ পৰা ৬৫ কেজিৰ ভিতৰৰ, ৬৫ কেজিৰ উৰ্ধৰ। তিনিওটা শাখাৰে পদক প্ৰাপ্ত সকল ক্ৰমে ৫৫ কেজি শাখাত- ১ম- ৰফিউল হক, ৫৬ ৰ পৰা ৬৫ কেজিৰ শাখাত ১ম — বিপ্লৱ ভট্টাচাৰ্য্য আৰু ৬৫ কেজিৰ উৰ্ধৰ শাখাত প্ৰথম লাভ কৰে চাহিদুল চৰকাৰে। তিনিও শাখাৰে প্ৰথম হোৱা সকলৰ মাজত পুণৰ চেম্পিয়ন অফ চেম্পিয়ন খেলখন অনুস্থিত হয়। উক্ত খেলত বিপ্লৱ ভট্টাচাৰ্যই চেম্পিয়ন হৈ মিষ্টাৰ বিশ্বনাথ ২০২০ খিতাপ অৰ্জন কৰে। আনহাতে পুৰুষৰ ফিটনেচ মডেল প্ৰতিযোগিতাত ৰিতেচ মাহাটো আৰু মহিলাৰ শাখাত মাইটি দাসে প্ৰথম পদক অৰ্জন কৰে। খেলখনিৰ বিচাৰকৰ আসনত আছিল আন্তঃৰাষ্ট্ৰীয় বিছাৰক পংকজ বৰা, বিশ্বনাথ শৰীৰ চৰ্চা সন্থাৰ সভাপতি দিলীপ বৰা আৰু অসম ভাৰ উত্তোলন সন্থাৰ আঞ্চলিক সম্পাদক অনন্ত গগৈ । খেল খনত কাৰিকৰী দিশত সহায় আগবঢ়াই ক্ৰীড়াবিদ কংকন শৰ্মাই। অতিথি হিচাপে আছিল বিশ্বনাথৰ উপায়ুক্তধ্ৰুৱজ্যোতি দাস, চক্ৰ বিষয়া বিশ্বজিত শইকীয়া,, কৃষি মহাবিদ্যালয়ৰ সহযোগী ডিনৰ লগতে কেবাজনো গন্য মান্য ব্যক্তি। যোগাষনেৰে খেলখনৰ শুভাৰম্ভ কৰে আন্তঃৰাষ্ট্ৰীয় যোগবিদ গাৰ্গলীনা আশ্ৰায়ন, ৰাজ্যিক যোগবিদ জিয়া স্বৰ্গীয়াৰী, পংকজ মেধি আৰু মন্টু মেধিয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close