অসম

বিশ্বনাথ জিলাত ‘সহযোগ অসমৰ’ সজাগতা অনুষ্ঠান

ৰূপজ্যোতি শইকীয়া, বিশ্বনাথ চাৰিআলি

এক বিংশ শতিকাত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নয়নৰ সময়তো অন্ধবিশ্বাস আৰু ডাইনী সজাই নৰহত্যা আৰু নিৰ্যাতনৰ দৰে ঘটনা সংঘটিত হোৱা বিষয়বোৰৰ অৱসান ঘটাই এখন সুস্থ আৰু নিকা সমাজ গঢ়াৰ লক্ষ্যৰে দেওবাৰে দিনৰ ১০ বজাত চাকোমথা চাহবাগিচাত সহযোগ অসমে ঈশ্বৰ, বিজ্ঞান ,মানৱতা আৰু বাস্তৱতা শীৰ্ষক সজাগতা অনুষ্ঠান অনুষ্ঠিত কৰে । আজিৰ এই সভাত উপস্থিত থাকে সহযোগ অসমৰ অধ্যক্ষ পূৰবী বৰুৱা, সুৰভি খাউণ্ড, টংকেশ্বৰ কলিতা,ইনু শৰ্মা ,সঞ্জয় বৰুৱা,বিভামণি দাস, চাকোমঠা বাগানৰ জ্যেষ্ঠ পৰিচালক ৰবীন্দ্ৰ সিং, চম্পক শৰ্মাৰ উপৰিও সহস্ৰাধিক লোক । আজিৰ এই সভাত অন্ধ বিশ্বাস দূৰ কৰাৰ বিভিন্নপন্থাৰ বিষয়ে আলোচনা কৰাৰ উপৰিও মাদক দ্ৰৱ্যৰ প্ৰচলন বন্ধ কৰাৰ বাবেও সহযোগ অসমৰ সদস্য সকলে চেষ্টা চলাব বুলিও উল্লেখ কৰে । ইয়াৰ উপৰিও বিহালীৰ শংকৰদেৱ জাতীয় বিদ্যালয়তো অন্ধ বিশ্বাস মুক্ত নিকা সমাজ গঠনত মহিলাৰ ভূমিকা শীৰ্ষক এখন সভাও অনুষ্ঠিত হয় । যোৱা ১৯ ছেপ্টেম্বৰৰ পৰা বিশ্বনাথ জিলাৰ বিভিন্ন ঠাইত সহযোগ অসমে অন্ধবিশ্বাস মুক্ত সমাজ গঢ়াৰ লক্ষ্যৰে সজাগতা সভা অনুষ্ঠিত কৰাৰ উপৰিও অন্ধবিশ্বাসৰ বলি হোৱা লোকসকলৰ ওচৰলৈ যায় আৰু তেওঁলোকৰ চুবুৰীয়া লোকসকলক বৈজ্ঞানিক মানসিকতাৰে নিজকে গঢ় দিবলৈ আহ্বান জনায় ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close