অসমবিশেষশীৰ্ষ

বিশ্বনাথ জিলাত পুৰুষ বন্ধ্যাকৰণ পষেকৰ ওপৰত সজাগতা সভা

ৰূপজ্যোতি শইকীয়া, বিশ্বনাথ চাৰিআলি

জিলা স্বাস্থ্য সমিতি শোণিত পুৰৰ সৌজন্যত আৰু বিশ্বনাথ চাৰিআলি খন্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত বিশ্বনাথ জিলাৰ এছ আই আৰ ডিৰ প্ৰেক্ষাগৃহত পুৰুষ বন্ধ্যাকৰণ পষেকৰ ওপৰত এখন সজাগতা সভা অনুষ্ঠিত কৰা হয় । এই অনুষ্ঠানটিৰ উদ্ধোধনী ভাষনত বিশ্বনাথ জিলাৰ সদৰ মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডঃ নাৰায়ন চন্দ্ৰ উপাধ্যায়ে অনুষ্ঠানটোলৈ সভাৰ সভাপতি হিচাপে সকলোকে স্বাগতম জনোৱাৰ লগতে পৰিয়াল পৰিকল্পনাৰ বিভিন্ন আচনি সমুহত পুৰুষৰ সক্ৰিয় অংশ গ্ৰহন নিশ্চিত কৰিবৰ বাবে সভাত উপস্থিত সমুহ স্বাস্থ্য কৰ্মীৰ লগতে জনসাধাৰণক আহ্বান জনাই। সভাৰ উদ্দেশ্য বাখ্য কৰি জিলা সমন্বয়ক পুলকেশ বৰাই পূৰুষ বন্ধ্যাকৰণ পষেক ২০১৯ সাফল্য মণ্ডিত কৰিবৰ বাবে সকলোকে আহ্বান জনায় । তেখেতে পৰিয়াল পৰিকল্পনা আচনি সমুহৰ আলোকপাত কৰাৰ লগতে সঠিক হিতাধিকাৰি চিনাক্ত কৰিবৰ বাবে যোগ্য দম্পতী তালিকা প্ৰস্তুতৰ গুৰুত্ব আৰু পুৰুষ বন্ধ্যাকৰণ কৰিলে হিতাধিকাৰী সকলে মাননি ২০০০ টকা আৰু উদগনি মুলক মাননি ৩০০ টকা আৰু বিভিন্ন পৰিয়াল পৰিকল্পনা আচনি সুমহৰ মাননি সমুহ পোৱাৰ কথা অৱগত কৰে। সভাত উপস্থিত থাকি বিহালী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডঃ যোগেন চন্দ্ৰ বেই আশা কৰ্মী আশা চুপাৰভাইজৰ এ এন এম সকলৰ লগতে সকলো পুৰুষ স্বাস্থ্যকৰ্মীক সক্ৰিয় অংশ গ্ৰহনৰ বাবে আহ্বান জনাই। তেখেতে কয় যে মাতৃ তথা শিশুৰ সুস্বাস্থ্য নিশ্চিত কৰিবৰ বাবে পুৰুষ বন্ধ্যাকৰন একসুন্দৰ পদ্ধতি সেয়ে সকলোকে পুৰুষ বন্ধ্যাকৰণ পষেকৰ লগত সংগতি ৰাখি পুৰুষ সকলক আগবাঢ়ি আহিবৰ কাৰনে আহ্বান জনাই| সভাত উপস্থিত থকা গহপুৰ খন্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ খন্ড আঁচনি প্ৰবন্ধক হৰেন গগৈয়ে পুৰুষ বন্ধ্যাকৰন সম্পৰ্কে জনমানসত থকা বিভিন্ন ভূল ধাৰনা সমুহৰ বিষয়ে আলোচনা কৰে । চাৰ্ভিলেন্চ আৰু মাল্টি পাৰপাচ ৱৰ্কাৰ সকলে আলোচনাত সক্ৰিয় অংশ গ্ৰহন কৰে। সভাত বিঃ চাৰিআলি এছডিচিএইচৰ ছুপাৰিনটেন্ডেন্ট, গহপুৰ খন্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ এছ ডিএম এইচ অ বিহালী খন্ড স্বাস্থ্য কেন্দ্ৰৰ বিপিএম, আশা ছূপাৰভাইজৰ এম পি ডব্লিও,এম আই,এছ ডব্লিউ সকল উপস্থিত থাকে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close