
বিশ্বনাথ চাৰিআলি নগৰৰ ৬ নং ৱাৰ্ডত অৱস্থিত সুধাকণ্ঠ ড° ভূপেন হাজৰিকা কলাক্ষেত্ৰ আৰু শক্তিউদ্যানৰ ভুপেন হাজৰিকা প্ৰেক্ষাগৃহত আজি বিশ্বনাথ চাৰিআলি জ্যেষ্ঠ নাগৰিক সন্থাৰ উপ-সভাপতি ৰুদ্ৰ বৰাৰ সভাপতিত্বত সন্থাৰ বাৰ্ষিক সভাখন অনুষ্ঠিত হয় । সভাত সন্থাৰ সম্পাদক বিজয় গোস্বামীয়ে বছৰটোৰ কাম-কাজৰ খতিয়ান দাঙি ধৰি সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে । হিচাপ পৰীক্ষক ডাঃ ভূপেন হাজৰিকাই বছৰটোৰ আয়-ব্যয়ৰ এক প্ৰতিবেদন দিয়ে । সভাত সন্থাৰ আৰু বিশ্বনাথ চাৰিআলিৰ ৰাজহুৱা সমস্যাৰ সমাধান বিচাৰি কেইবাটাও গুৰুত্বপুৰ্ন প্ৰস্তাৱ গ্ৰহণ কৰা হয় । এই সভাতে বিশিষ্ট বিজ্ঞান-লেখক, কেইবাটাও ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক বিশ্বনাথ মহাবিদ্যালয়ৰ ৰসায়ন বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ক্ষীৰধৰ বৰুৱাক সম্বৰ্দ্ধনা জনোৱা হয় ।বিশ্বনাথ শাৰিআলি শাখা সাহিত্যসভাৰ প্ৰাক্তন সম্পাদক হীৰেন বৰাৰ সম্পাদনাত প্ৰকাশ কৰা সন্থাৰ মুখপত্ৰ “আবেলিৰ ৰং”ৰ দ্বিতীয় সংখ্যাটি বিশ্বনাথ জিলাৰ উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসৰ দ্বাৰা এই সভাতে উন্মোচন কৰা হয় । উন্মোচনী অনুষ্ঠানৰ আঁত ধৰে পত্ৰিকা সম্পাদক হীৰেন বৰাই ।