অসমসাংস্কৃতিক

বিশ্বনাথ চাৰিআলিৰ লেহুগাঁৱত ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী

কণ কণ শিশুৰ ভোজন বিহাৰ নাটে মুহিলে দর্শকক

বিশ্বনাথ চাৰিআলিৰ ঐতিহ্যমণ্ডিত লেহুগাঁও বৰনামঘৰত ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱ দেৱ বিৰচিত ভোজন বিহাৰ নাট ভাগ শনিবাৰে নিশা পৰম্পৰাগত ভাৱে মঞ্চস্থ কৰা হয়। শতিকা পুৰ্বৰে পৰা গাওঁবাসীয়ে মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ তিৰুভাৱ তিথিৰ লগত সংগতি ৰাখি নিজস্ব পৰম্পৰাৰে এই নাটভাগ মঞ্চস্থ কৰিছিল যদিও প্ৰায় দুই দশক পুৰ্বৰে পৰা ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে এই নাট ভাগৰ ভাওনা মঞ্চস্থ কৰিবলৈ লয়। উল্লেখ্য যে যোৱা নিশা মঞ্চস্থ হোৱা এই নাট ভাগৰ ভাওনাত গাওঁখনৰ শিশুৰ পৰা বৃদ্ধলৈ সকলো শ্ৰেনীৰ লোকেই উবুৰি খাই পৰা পৰিলক্ষিত হয়। ভোজন বিহাৰ নাট খনৰ বাবেই গাওঁ খনৰ পৰা দুৰ দুৰনিলৈ বিয়া হৈ যোৱা ছোৱালী সকলৰ লগতে কৰ্মৰ তাগিদাত স্ব-গৃহৰ পৰা দুৰত থাকিব লগা ব্যক্তি সকলো নিজ গাৱলৈ ঢপলিয়াই অহা পৰিলক্ষিত হয়। প্ৰতিবছৰৰ দৰে এইবাৰো নটভাগ মঞ্চস্থ কৰাৰ উপলক্ষে গন্ধৰ্ব কীৰ্ত্তনৰ দিনা গাৱৰ ৰাইজ, ভাৱৰীয়া, গায়ন বায়ন,সুত্ৰধাৰ সকলোৱে কাপোৰ কানি তিয়াই স্ব-গৃহ সাৰি-মছি পৰিস্কাৰ কৰাৰ লগতে নিশা সকলো উপবাসে থাকে।

এইবেলিৰ ভোজন বিহাৰ নাটৰ ভাওনাত শিশু কৃষ্ণৰ ভাৱত অভিনয় কৰা ময়ুখনীল হাজৰিকাৰ সুন্দৰ নৃত্যই সকলোকে মুগ্ধ কৰে। অৰ্ধশতাধিক কন কন শিশুৰ অংশগ্ৰহনৰে প্ৰান পাই উঠা শনিবাৰৰ নিশাৰ ভাওনাত সুত্ৰধাৰ হিচাপে প্ৰশান্ত হাজৰিকাই অভিনয় কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close