অসমশীৰ্ষ

বিশ্বনাথ চাৰিআলিৰ যুৱ সমাজকৰ্মী জয়ন্ত বৰাৰ মহানুভৱতা

গহপুৰৰ ডেলহাউচি কৈৱৰ্ত গাঁৱৰ এশ পৰিয়ালৰ মাজত বান সাহায্য বিতৰণ

বিশ্বনাথ চাৰিআলিৰ উদীয়মান যুৱ সমাজকৰ্মী এগৰাকীয়ে আজি গহপুৰ মহকুমাৰ বান বিধ্বস্ত ডেলহাউচিৰ কৈৱৰ্ত গাঁৱত নিজা প্ৰচেষ্টাৰে বান সাহায্য বিতৰণ কৰি মহানুভৱতাৰ পৰিচয় দিলে ।

হোটেল ৰয়েল প্লেজৰ স্বত্বাধিকাৰী তথা বিহালী সমষ্টিৰ অন্তৰ্গত খৰাশিমলুৰ নিবাসী জয়ন্ত বৰাই বিশ্বনাথ আৰু বিহালী সমষ্টিৰ কেইবাগৰাকীও ছাত্ৰ নেতা আৰু যুৱ নেতাক লগত লৈ গহপুৰৰ চত্ৰং গাঁও পঞ্চায়তৰ দক্ষিণাঞ্চলৰ বানবিধ্বস্ত এলেকাত উপস্থিত হৈ বান সাহায্য প্ৰদান কৰে। আদিবাসী ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ সম্পাদক অজিত কুৰ্মী,যুৱ সমাজসেৱী পংকজ মুদৈ, জিণ্টু মুদৈকে ধৰি মুঠ ৩৭ গৰাকী ইতিবাচক চিন্তা ধাৰাৰে পৰিপুষ্ট যুৱক ক লগত লৈ নেৰানেপেৰা বৰষুণকো নেওচি গহপুৰৰ বানবিধ্বস্ত জয়পুৰ হৈ চত্ৰং পঞ্চায়তৰ ডেলহাউচি কৈৱৰ্ত গাঁৱত উপস্থিত হয়।দূগম পথ অতিক্ৰম কৰিও জয়ন্ত বৰাৰ নেতৃত্বত অহা দলটিয়ে প্ৰায় এশটি পৰিয়ালক বান সাহায্য বিতৰণ কৰে। উল্লেখ্য যে ডেলহাউচিৰ কৈৱৰ্ত গাঁৱত বিতৰণ কৰা বান সাহায্যত চেনিতেৰী মেপকিন, ডেটুল চাবোন, ফেনাইল বটৰ, কাপোৰ ধুৱা চাবোন, চয়াবিন, চাৰ্ফ, ব্লিচিং পাউদাৰ, চাহপাত, পানী বটলকে ধৰি কেইবাবিধো সামগ্ৰী বিতৰণ কৰে।

সাহায্য শিবিৰতে বাঢ়নী পানীত পাঠ্যপুথিৰ সকলো নষ্ট হোৱাত ছয়দুৱাৰ মহাবিদ্যালয়ৰ মেধাৱী ছাত্ৰী শেৱালি দাসক পাঠ্যপুথি ক্ৰয় কৰিবৰ বাবে আৰ্থিক অনুদান আগবঢ়ায়। ইফালে তেওঁ বিহালী সমষ্টিৰ অন্তৰ্গত বাঘমৰাটো বান সাহায্য বিতৰণ কৰি বানপীড়িত লোকৰ সমভাগী হয়। বান সাহায্য প্ৰদানত ডেলহাউচিৰ যুৱ নেতা তথা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক মিলন দাস, জিণ্টু মুদৈৰ লগতে গহপুৰৰ জ্যেষ্ঠ সাংবাদিক ভুৱন শইকীয়াই বিশেষ সহযোগ আগবঢ়ায়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close