অসম

বিশ্বনাথ চাৰিআলিত কাব্য আলোচনী “ৰ’দ “উন্মোচন

দেওবাৰে বিশ্বনাথ চাৰিআলিৰ “ৰ’দ গোষ্ঠীৰ” দ্বাৰা প্ৰকাশিত তিনিমহীয়া কাব্য আলোচনী “ৰ’দ’ উন্মোচন কৰা হয়।যুৱ সাহিত্যক কবি জয়ন্ত বৰুৱাৰ সম্পাদনাত প্ৰকাশিত কাব্য আলোচনী খন উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক নিৰঞ্জন হাজৰিকাই । বিশ্বনাথ চাৰিআলিৰ সাৰ্বজনীন পূজা আৰু ধৰ্মশলা প্ৰাঙ্গনত অনুষ্ঠিত সভাৰ আঁত ধৰে বিশিষ্ট কবি- সাংবাদিক চন্দ্ৰ লুইটেলে । ৰুবি শইকীয়া, পাপীয়া কাকতি শইকীয়াই এটি প্ৰাৰ্থনাৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। বিশিষ্ট কবি সাহিত্যিক বিমান ৰায় বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত সভাত অৱসৰ প্ৰাপ্ত বেংক বিষয়া ভুধৰ দাসে বক্তব্য আগবঢ়াই আৰু দুটি কবিতা পাঠ কৰে।সভাত প্ৰতিভা দাসে গীত পৰিবেশন কৰে।অনুষ্ঠানত কবিতা পাঠ কৰে ৰুবি শইকীয়া,অঞ্জু বৰা,ৰবীন পায়েং,অনামিকা নেওগ,ইমাম হুছেইন,দিপালি বৰুৱা,তেজেন হাজাৰিকা,পূবলি শইকীয়া,তৃষ্ণা বৰুৱা,ৰমেন বৰা,বিপুল সাহা ,মনিষ মৌসম বৰুৱা,প্ৰণৱ কুমাৰ দাস আদিয়ে । সভাত ৰদৰ সম্পাদক জয়ন্ত বৰুৱা, বিশিষ্ট সাহিত্যিকসমালোচক বিকাশ জ্যোতি বৰুৱা,ৰবীন পায়েঙ,পাপন পাল,তেজেন হাজৰিকা, আদিয়ে বক্তব্য আগবঢ়াই। সভাত কাব্য আলোচনী খন প্ৰকাশৰ বাবে সহযোগিতা আগবঢ়োৱা পাপন পালক আদৰণি জনোৱা হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close