অসমবিশেষশীৰ্ষ

বিশ্বনাথ ঘাটত মহিলাৰ দক্ষতা বিকাশৰ ১৫ দিনীয়া কৰ্মশালাৰ সামৰনি

ৰূপজ্যোতি শইকীয়া, বিশ্বনাথ চাৰিআলি

সঞ্জীৱ বৰা সোঁৱৰণি জনকল্যান প্ৰতিষ্ঠানৰ উদ্যোগত অনুষ্টিত হোৱা দক্ষতা বিকাশৰ কৰ্মশালাখনী  ২১ নৱেম্বৰত অন্ত পৰে ৷ বিশ্বনাথ ঘাটত ১৫ দিনীয়াকৈ আয়োজন কৰা হৈছিল এই কৰ্মশলা ৷ বিশেষকৈ মহিলা সকলক স্বাৱলম্বী কৰাৰ উদ্দেশ্য আয়োজন কৰা এই কৰ্মশালাৰ অন্তিম দিনা অনুষ্ঠিত সামৰনি অনুষ্ঠানত শতাধিক পুৰুষ মহিলাই অংশগ্ৰহন কৰে ৷ বিশেষকৈ ভিতৰুৱা অঞ্চলৰ মহিলাসকলৰ সবলীকৰণৰ বাবে আয়োজন কৰা হৈছিল এই কৰ্মশালা ৷ অনুষ্ঠানত কৰ্মশালাৰ জড়িয়তে প্ৰশিক্ষণ লাভ কৰা মহিলা সকলৰ দ্বাৰা তৈয়াৰী বিভিন্ন সা সামগ্ৰীও প্ৰদৰ্শন কৰা হয় ৷ আনহাতে অনুষ্ঠানত লগতে কিতাপ পঢ়াৰ আগ্ৰহ বৃদ্ধি কৰি পঢ়ুৱৈৰ সংখ্যা বহোৱাৰ উদ্দ্যেশ্যে এক আন্দোলন গঢ়াৰ লক্ষ্যৰে “কিতাপ পঢ়ো আহক” নামৰ এক কাৰ্যসূচীৰো শুভাৰম্ভণি কৰা হয় ৷ এই উদ্দেশ্য লেখক হেমন্ত শৰ্মাৰ ” প্লাষ্টিকৰ পৃথিৱী” নামৰ কিতাপখনৰ উন্মোচনৰ যোগেৰে বিশ্বনাথ জিলাত নতুন লেখকক উৎসাহিত কৰা আৰু নতুন প্ৰজন্মৰ মাজত কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰাৰ এক প্ৰচেষ্টা আৰম্ভ কৰা হয় ৷ সঞ্জীৱ বৰা সোৱৰণী জনকল্যাণ প্ৰতিষ্ঠানৰ সম্পাদিকা পল্লবী নেওগ বৰাই উদ্দ্যেশ্য বাখ্যা কৰাৰ লগতে কিতাপ পঢ়াৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰি সকলোকে কিতাপ পঢ়াৰ বাবে আহ্বান জনায় আৰু লগতে প্লাষ্টিকৰ পৃথিৱীৰ দৰে সময়োপযোগী কিতাপ সকলোকে পঢ়িবলৈ আহ্বান জনায়় ৷ ইফালে অনুষ্ঠানত উপস্হিত থাকে সমাজকৰ্মী পল্লবী বৰঠাকুৰ, প্ৰতিষ্ঠিত মহিলা ব্যৱসায়ী তথা সমাজকৰ্মী স্নিগ্ধা গোস্বামী, আঞ্চলিক পঞ্চায়তৰ সদস্য ৰঞ্জিত কলিতাকে আদি কৰি বহু বিশিষ্ট ব্যক্তি৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close