অসমবিশেষশীৰ্ষ

বিশ্বনাথৰ সূৰ্যপুৰ বালিপুখুৰীত সাতদিনীয়া অখণ্ড ভাগৱত পাঠৰ আয়োজন

ৰূপজ্যোতি শইকীয়া,বিশ্বনাথ চাৰিআলি

ৰাইজৰ কল্যান কামনাৰে অহা ২ নৱেম্বৰৰ পৰা ৮ নৱেম্বৰলৈ সাতদিনীয়া অখণ্ড ভাগৱত পাঠৰ আয়োজন চলিছে বিশ্বনাথ চাৰিআলিৰ সূৰ্যপুৰ বালিপুখুৰীত। বিশ্বনাথ চাৰিআলিৰ বিশিষ্ট সমাজকৰ্মী তথা প্ৰতিষ্ঠিত ব্যৱসায়ী অকন শইকীয়াৰ উদ্যোগত আৰু সূৰ্য্যপুৰ বালিপুখুৰীৰ ৰাইজৰ সহযোগত অনুষ্ঠিত হ’ব লগা এই ভাগৱত পাঠ অনুষ্ঠানৰ সামৰনী উপলক্ষে ৮ অক্টোৱৰ তাৰিখে এক বিশাল ভাগৱত শোভাযাত্ৰাৰো প্ৰস্তুতি চলোৱা হৈছে। বিশ্বনাথ চাৰিআলি নগৰৰ পৰা দুই কিলোমিটাৰ উত্তৰৰ, পাভৈ পথৰ দাতিৰ সূৰ্যপুৰ বালিপুখুৰী নামঘৰত অনুষ্ঠিত হ’ব লগা এই ভাগৱত পাঠ অনুষ্ঠানৰ বাবে ইতিমধ্যে যাৱতীয় প্ৰস্তুতি আৰাম্ভ কৰিছে উদ্যোক্তা সকলে। সাতদিন সাতৰাতি নিৰিবিচিন্ন ভাৱে হ’ব লগা এই অখণ্ড ভাগৱত পাঠ অনুষ্ঠানৰ বাবে বিশ্বনাথ জিলাৰ উপৰিও উত্তৰ লক্ষীমপুৰ, শোনিতপুৰ আৰু দৰং জিলাৰ পৰাও পাঠক সকলক নিমন্ত্ৰন জনোৱা হৈছে। আনহাতে ২ নৱেম্বৰৰ দিনা পুৱা এক উদ্বোধনি অনুষ্ঠানৰো আয়োজন কৰা হ’ব বুলি জানিব পৰা গৈছে।

 

https://bhalkhabar.com/about-us/

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close