
অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ এখন সভা আজি হাইডাবাৰী সামূহিক ভৱনত অনুষ্ঠিত হয়। বিশ্বনাথ জিলাৰ সাকোমঠা উন্নয়ন খণ্ডৰ উদ্যোগত অনুষ্ঠিত সভাত সভাপতিত্ব কৰে খণ্ড উন্নয়ন বিষয়া অজয় কুমাৰ সিনহাই। খণ্ড পৰিকল্পনা বিষয়া পংকজ গগৈয়ে আত ধৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে মহিলা আত্ম সহায়ক গোট সমূহক নিষ্ঠা সহকাৰে আগবাঢ়ি যাবলৈ আহ্বান জনায়। তেওঁ ঋণ লোৱাৰ ক্ষেত্ৰত সতৰ্ক হবলৈ আৰু ঋণৰ ধনৰ সঠিক ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়।অনুষ্ঠানত জিলা আঁচনি হাবিবুল্লা আহমেদ, বৰপথাৰ জিলা পৰিসদৰ সদস্য প্ৰবীণ হাঞ্চে,পাভৈ জিলা পৰিসদৰ সদস্য গায়িত্ৰী কুর্মী, সাকোমোঠা আঞ্চলিক পঞ্চায়তৰ সভাপতি বিপুল বসুমতাৰী,উপ সভানেত্ৰী ভাৰতী দেৱী ভূঞা, কুঁৱৰী গাঁও পঞ্চায়ত ৰ সভাপতি যুধীষ্ঠীৰ মহানন্দ, বামুনিপথাৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী অনিমা বেপি,মুখৰ গঁড় পঞ্চায়তৰ সভাপতি সুজিত ভূমিজ, পাভৈ গাঁও পঞ্চায়তৰ সভাপতি চৰণ নাৰ্জাৰী, বালি চাং গাঁও পঞ্চায়তৰ সভানেত্ৰী দিপালি দেৱী, ধৰম সিং ৰংহাং,ধূলি গাঁও পঞ্চায়তৰ সভাপতি হেমন্ত নাগ, বৰপথাৰ পঞ্চায়তৰ সভানেত্ৰী বাসন্তী প্ৰজা, আঞ্চলিক সদস্য পূজা চাউৰা, গীতা বাগ,দামু বাৰেক, বলেন বসুমতাৰী, ৰেণুকা তেৰাংপী আদিয়ে অংশ গ্ৰহণ কৰে। সভাত ১১৭টা আত্মসহায়ক গোটক চেক প্ৰদান কৰা হয়।